উৰিয়াগাঁৱত বিভিন্ন সমস্যা সন্দৰ্ভত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ দল, সংগঠনৰে আলোচনা... 
নগাঁও

উৰিয়াগাঁৱত বিভিন্ন সমস্যা সন্দৰ্ভত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ দল, সংগঠনৰে আলোচনা...

Asomiya Pratidin

ডিজিটেল সংবাদ উৰিয়াগাওঁ: আজি পুৱাই উৰিয়াগাওঁ চকত উপস্থিত হয়গৈ ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ। বৃহত্তৰ উৰিয়াগাওঁ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ সমাধান কল্পে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাওঁ আঞ্চলিক সমিতি, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই চলাই থকা প্ৰতিবাদৰ বুজ লোৱাৰ লগতে উৰিয়াগাওঁ চকত সঘনাই সংঘটিত হোৱা দুঘৰ্টনা ৰোধৰ কাৰনে ফলপ্ৰসূ প্ৰদক্ষেপ লোৱাৰ উদ্দেশ্যে স্থানীয় লোকৰ লগত মত বিনিময় কৰিবলৈ মুখ্য সচিবগৰাকী পুৱা প্ৰায় ১০-৩০ বজাত উৰিয়াগাওঁ চকত উপস্থিত হয়গৈ।

ৰাইজৰ লগত মুখ্য সচিবগৰাকীৰ এই মত বিনিময়ৰ সভাখনৰ আঁত ধৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি তথা উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়ায়ে। বিগৰ বৰ্ষৰ ২২ নম্বেৱৰ পৰা ঐতিহাসিক উৰিয়াগাওঁ খেলপথাৰখন সংৰক্ষণ, পৰিবৰ্ধন আৰু গেলাৰী নিৰ্মাণেৰে মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ লগতে পথৰ দাঁতিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকানসমূহ মিনি ষ্টেডিয়ামৰ গেলাৰীৰ তলত স্থাপন কৰি থলুৱা ৰাইজৰ জীৱিকাৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীসমূহ মুখ্য সচিবক স্বচক্ষে পুংখানুপুংখ ভাৱে অৱগত কৰে৷

তাৰোপৰি উৰিয়াগাওঁ চকত সঘনাই ঘটা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চকৰ চাৰিওফালে চাৰিটা ওখ ফ্লাড লাইটৰ ব্যৱস্থা কৰাৰ লগতে উজনি-নামনি দুয়োদিশৰ পৰা এক কিলোমিটাৰ দূৰৰ পৰা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, উৰিয়াগাওঁ চকৰ চাৰিওকাষে সুলভ শৌচাগাৰৰ ব্যৱস্থা, যাত্ৰীৰ অপেক্ষাগৃহ নিৰ্মাণ, বৃহত্তৰ উৰিয়াগাঁও অঞ্চলত খোজকাঢ়িবলৈ পদ পথ আৰু এখন শিশু উদ্যানৰ নিৰ্মাণৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্য সচিবক প্ৰদান কৰে।

এই অনুষ্ঠানত মুখ্য সচিবগৰাকীয়ে বিগত সময়ত ঘটা দুৰ্ঘটনাসমূহৰ সম্পৰ্কত ৰাইজৰ অভিজ্ঞতাৰ কথা পোনপটীয়া শুনে আৰু সেই ক্ষেত্ৰত সজাগতা আৰু বিহিত ব্যৱস্থা ল'বৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনক দায়িত্ব অপৰ্ণ কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ‌ৰ কামকলৈ সন্তুষ্ট নহয় বুলিও মত ব্যক্ত কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনে ৰাইজৰ লগত একেলগে লগ হয় কাম কৰি সমস্যাসমূহ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আজিৰ সভাখনত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক নৱনীত কুমাৰ মহন্ত, ৰাজহ চক্র বিষয়া কে.ঈশান সিং, জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়া , ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া আয়ুস ৰানা, পথ সুৰক্ষা বিভাগৰ উচ্চ-পদস্থ বিষয়া গৌৰৱ উপাধ্যয় উপস্থিত থাকে। তাৰোপৰি লোকনিৰ্মাণ বিভাগৰ মূখ্য কাৰ্যবাহী বিষয়া হিতেন কলিতা, অধীক্ষক অভিযন্তা প্ৰণৱ কুমাৰ ৰাভাও উপস্থিত থাকে।

ৰাইজৰ হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিত্ত সম্পাদক দীপাঙ্কৰ শৰ্মা, প্ৰচাৰ সম্পাদক দৰ্শন কাকতি, পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকা, সাধাৰণ সম্পাদক কৌশিক হাজৰিকা, যুটীয়া সম্পাদক প্ৰদুন্য বৰা উৰিয়াগাঁও শাখা সমিতিৰ শৰৎ বনিয়া, শিল্পা বনিয়া, সঞ্চয়িতা বনিয়াৰ লগতে মৰঙ্গীয়াল শাখাৰ শুভ্রজ্যিৎ গগৈ, পহুকটা শাখাৰ নৱাৰুন বৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি ৱাচিফ আলম আৰু সধাৰন সম্পাদক প্ৰাণকৃষ্ণ ডেকাৰ উপৰিও উন্নয়ন সমিতিৰ নাৰায়ণ চন্দ্র বনিয়া, কমলেশ শইকীয়া, তুষেশ্বৰ কলিতা, পদুম বৰুৱা, সত্যপ্ৰসাদ শৰ্মাৰ লগতে উৰিয়াগাঁও ক্ষুদ্র ব্যৱসায় সন্থাৰ সভাপতি প্ৰভাত বৰা, সম্পাদক ৰূপৰাম হাজৰিকা,উৰিয়াগাঁও গ্ৰামপ্ৰধান হিৰন্য বৰা, উৰিয়াগাঁও ছহিদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰা, উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয় ৰ প্রধান শিক্ষয়িত্ৰী ৰিমা বৰা উপস্থিত থাকে ৷