নগাঁও

নগাঁও জিলাৰ শেনছোৱাত পথাৰ দিৱস আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু যোৰহাটৰ সৰ্বভাৰতীয় সমন্বিত বীজ অনুসন্ধান প্ৰকল্পৰ সহযোগত নগাঁও জিলাৰ শেনছোৱাত এক হেক্টৰ কৃষিভূমিত উন্নত জাঁতৰ সৰিয়হৰ বীজ উৎপাদনৰ প্ৰদৰ্শনীমূলক ভাৱে বাচনি কৰা হৈছিল। এই প্ৰদৰ্শনীৰ অংশ স্বৰূপে শনিবাৰে এখনি পথাৰ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

শনিবাৰৰ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত হৈ নগাঁও জিলাৰ কৃষি বিষয়া ৰঞ্জন ডেকাই ব্যক্ত কৰে যে, “অসমৰ যিবোৰ অঞ্চলত অকল সৰিয়হ খেতিহে কৰা হয়, তাত সৰিয়হৰ উন্নত জাঁত (যেনেঃ- পি এম ২৮) আদি খেতি কৰাৰ লগতে, অন্যান্য ধানৰ পাছত সৰিয়হ কৰা অঞ্চলক টৰিয়াৰ বাবে বাচনি কৰা প্ৰয়োজন”।

এই অনুষ্ঠানত উপস্থিত হৈ মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ হেমেন কলিতাই জনাই যে, "আমাৰ কৃষক সকলে চৰকাৰৰ মুখলৈ আশা কৰি বহি নাথাকি, নিজেই বীজ উৎপাদনৰ ব্যৱসায়লৈ আগবাঢ়ি অহা প্ৰয়োজন।" সভাত উপস্থিত আন এগৰাকী জ্যেষ্ঠ বিজ্ঞানী ড০ ৰঞ্জনা চক্ৰৱৰ্তীয়ে সৰিয়হজাতীয় শস্যৰ বিভিন্ন বেমাৰ-আজাৰৰ লক্ষণ নিৰুপণ আৰু প্ৰতিকাৰৰ বিষয়ে বহলভাৱে ব্যাখ্যা কৰে।

উল্লেখযোগ্য যে মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে আঁতধৰা পথাৰ দিৱস অনুষ্ঠানটিত প্ৰগতিশীল কৃষক নয়নজ্যোতি বৰকাকতিয়ে শলাগৰ শৰাই আগবঢ়াই। অঞ্চলৰ শতাধিক কৃষক উপস্থিত থকা অনুষ্ঠানটিত কৃষকৰ বাবে প্ৰয়োজনীয় তথ্য সমৃদ্ধ “সৰিয়হজাতীয় শস্যৰ অপকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণ কৌশল” শীৰ্ষক এখনি টেকনিকেল বুলেটিন উন্মোচন কৰা হয়।