ৰজাঘৰে পাহৰিলেও ৰাইজে উদযাপন কৰিলে তেজ ৰঙা ইতিহাসে গৰকা 'ফুলগুৰি ধেৱা' 
নগাঁও

ৰজাঘৰে পাহৰিলেও ৰাইজে উদযাপন কৰিলে তেজ ৰঙা ইতিহাসে গৰকা 'ফুলগুৰি ধেৱা'

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ ৰজা ঘৰে পাহৰিলেও প্ৰজা ঘৰে আজি তেজ ৰঙা ইতিহাসে গৰকা ফুলগুৰি ধেৱাৰ স্মৃতি সোঁৱৰিলে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ফুলগুৰি বৰ আঁহতৰ তলত ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত “ফুলগুৰি ধেৱা ”ৰ ১৬২ সংখ্যক স্মৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই । ৯-৩০ বজাত বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি গণেশ চন্দ্ৰ বৰদলৈয়ে ।

৯-৪৫ বজাত স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি নিত্যানন্দ চন্দন গিৰিয়ে ৷ তাৰ পিছতে ১০ বজাত ফুলগুৰিৰ পৰা মানুহপোৰা বিললৈ শুভাযাত্ৰা কৰা হয় । ১০-৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

অন্যহাতে ১০-৪৫ বজাত মানুহপোৰা বিলত বন্তি প্ৰজ্বলন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ স্মৃতি তৰ্পণ কৰে মানুহপোৰা বিল উপ-সমিতিৰ সভাপতি লীলাধৰ নাথ, সম্পাদক দেৱ কুমাৰ নাথ, দক্ষিণ পেটবঢ়া গাওঁ উন্নয়ন সমিতিৰ সম্পাদক নন্দৰাম নাথ, সমাজসেৱক ৰামনাথ নাথ, নাৰায়ণ নাথ, মোহন হাজৰিকা, মহেন্দ্ৰ নাথ, মুৰুলী মজুমদাৰ, পুণিৰাম নাথ, গোবিন নাথ, দূৰ্গেশ্বৰ বৰকটকী, বিপুল কলিতা, নৱজ্যোতি শৰ্মা বৰুৱা, মদাৰজ্যোতি, সমাজসেৱিকা বিউটি শইকীয়া প্ৰমুখ্যে উপস্থিত সকলোৱে সহযোগিতা ৰাখে ৷

কবি লক্ষ্যজ্যোতি বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত বীৰ শ্বহীদসকলক সোঁৱৰি সমূহীয়াভাৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিছতে দিনৰ ১২ বজাত ফুলগুৰি ৰাইজমেল ভৱনত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাৰ সভাপতিত্বত ফুলগুৰি ধেৱা শীৰ্ষক মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷

শিশু শিল্পী ৰশ্মিতা পাটৰে বৰগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফুলগুৰি ধেৱা উদযাপন সমিতিৰ সম্পাদক প্ৰদীপ ডেকাই ৷ সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট নিবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকনে ৷

নিজৰ ভাষণ প্ৰসংগত ফুকনে কয় -ভাৰতবৰ্ষৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে ফুলগুৰি ধেৱাই কেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পাব? আৰু কিমানজন কৃষকক হত্যা কৰিলে দিছপুৰ আৰু দিল্লীয়ে অমৃত প্ৰাণ কৰিব?

ফুলগুৰীয়া কৃষক ৰাইজৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ বিশিষ্ট নিবন্ধকাৰ অদীপ কুমাৰ ফুকনে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, ইতিহাসবিদ নৰেণ পাটগিৰি, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক মিনামুদ্দিন আহমেদ, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, বীৰ শ্বহীদ লক্ষণ সিং ডেকাৰ আজুনাতি ভৱজ্যোতি ডেকা আৰু ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জনা বৰাই ৷

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি কৰে ফুলগুৰি ধেৱা উদযাপন সমিতিৰ উপ-সভাপতি তিলক বৰাই ৷ অনুষ্ঠানৰ সফল ৰূপায়ণ হোৱাৰ বাবে উদযাপন সমিতিৰ সম্পাদকদ্বয় প্ৰদীপ ডেকা আৰু মনোজ কুমাৰ দাসে সকলোলৈকে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ উল্লেখ্য যে উক্ত মুকলি সভাতেই চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ৷