নগাঁও

ঐতিহাসিক 'ফুলগুৰি ধেৱা' দিৱস : “পশ্চিম নগাঁও অঞ্চলৰ ইতিহাস অধ্যয়ন কেন্দ্র"ৰ প্ৰস্তাৱনা

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহা: তেজে ধোৱা কৃষক বিদ্ৰোহৰ এক অধ্যায় 'ফুলগুৰি ধেৱা'। ব্ৰিটিছৰ নিৰ্মম অত্যাচাৰৰ এক কলংকিত অধ্যায় 'ফুলগুৰি ধেৱা'। পৰাক্ৰমী অসমীয়াৰ স্বাভিমাণৰ প্ৰতীক 'ফুলগুৰি ধেৱা'। ১৮৬১ চনৰ ১৮ অক্টোবৰত এই ফুলগুৰি ধেৱাতে অত্যাচাৰী ব্ৰিটিছৰ বিৰুদ্ধে সাহসেৰে থিয় দি প্ৰাণ আহুতি দিছিল বহু অসমীয়া কৃষকে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা 'ফুলগুৰি ধেৱা'ইয়ে কৃষক বিদ্ৰোহৰ বাট মুকলি কৰিছিল বুলি ধাৰণা কৰা হয় যদিও দুৰ্ভাগ্যজনকভাৱে সুদীৰ্ঘ ১৬০ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো 'ফুলগুৰি ধেৱা'ই ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল৷

বুধবাৰে ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। ৰহাৰ ফুলগুৰিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ইংৰাজৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা। ফুলগুৰি ধেৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ধেৱা দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন আৰু ফুলগুৰি ধেৱা স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ইয়াৰ পিচতে ফুলগুৰি ৰাইজমেল ভৱনৰ পৰা মানুহ পোৰা বিললৈ যোৱা হয় আৰু মানুহ পোৰা বিলত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। মানুহ পোৰা বিলত বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰি জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন, ইতিহাসবিদ নৰেন পাটগিৰি আৰু নাট্য পৰিচালক প্ৰবীন হাজৰিকাই।

উল্লেখ্য যে এই মানুহ পোৰা বিলৰ পাৰতে বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া লোকসকলক ৰাইজে গোপনে সৎকাৰ কৰিছিল। দুপৰীয়া ফুলগুৰি ৰাইজমেল ভৱনত অনুষ্ঠিত হয় এক মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অদীপ ফুকন আৰু নৰেন পাটগিৰিয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ফুলগুৰি ধেৱাক সংসদৰ মজিয়াত উপস্থাপন কৰা বুলি উল্লেখ কৰে। প্ৰতি বছৰে ফুলগুৰিৰ ৰাইজে ব্ৰিটিছৰ অত্যাচাৰত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক সুঁৱৰি এই ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে।

উল্লেখ্য যে, ফুলগুৰি ধেৱাৰ উন্নয়নৰ বাবে ফুলগুৰি ধেৱা স্মৃতি সমিতিয়ে অসমৰ বিত্ত মন্ত্ৰী অজন্তালৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই প্ৰস্তাৱৰ জড়িয়তে অধ্যয়ন কেন্দ্ৰটোৱে মন্ত্ৰী গৰাকীক অনুৰোধ জনাই যে, এই বিদ্ৰোহৰ অধিক অধ্যয়ন, প্ৰচাৰ আৰু প্ৰসাৰ অতি প্রয়োজনীয়।

সেইবাবে এই ফুলগুৰিৰ ধেৱাৰ লগতে সমগ্র পশ্চিম নগাঁৱৰ বিষয়ে ইতিহাস চৰ্চাৰ এটি স্থায়ী কেন্দ্র স্থাপন হওঁক। য'ত কেৱল ফুলগুৰিৰ বিদ্ৰোহৰ বিষয়েই নহয় এই সামগ্রিক পশ্চিম নগাঁও অঞ্চলটোৰ নৃ-গোষ্ঠীয় অধ্যয়ন, বুৰঞ্জী-চেতনা, সাংস্কৃতিক- সাহিত্য-ভাষা বিশ্লেষন ইত্যাদি সকলো সামৰি এটি “পশ্চিম নগাঁও অঞ্চলৰ ইতিহাস অধ্যয়ন কেন্দ্র" নামেৰে এটি কেন্দ্র প্রাথমিক পৰ্যায়ত ১০ কোটি টকাৰ আৱনৰে এই বছৰৰ বাজেটখনত প্ৰস্তাৱিত হওঁক। ফুলগুৰিৰ ধেৱাৰ গৱেষণামূলক গ্রন্থ প্রণয়ন, ঐতিহ্য স্মাৰক, এখন প্রামানিক বোলছবি নির্মান, “মানুহ পোৰা বিল" সংৰক্ষণ আৰু শহীদ স্তম্ভ নিৰ্মাণ ইত্যাদিৰ বাবেও ১০ কোটি টকা প্রস্তাৱিত হওঁক ।

স্বাধীনতাৰ ৭৫ বৰ্ষৰ 'অমৃত মহোৎসৱ' উদযাপনৰ সময়ত ই ভৱিষ্যত প্ৰজন্মৰ এক ঐতিহাসিক সংৰক্ষণৰ বাবে এক বৌদ্ধিক, সামাজিক আৰু সাংস্কৃতিক পদক্ষেপ হৈ ৰ'ব। ভাষা, সংস্কৃতি আৰু সমাজৰ ঐতিহ্য সংৰক্ষণৰ বাবে অসম চৰকাৰৰ এনে ঐতিহাসিক ঘোষণাৰ বাবে নগাঁও তথা অসমবাসী চিৰকৃতজ্ঞ হৈ ৰ'ব বুলিও উক্ত প্ৰস্তাৱত ফুলগুৰি ধেৱা স্মৃতি সমিতিয়ে উল্লেখ কৰে।