নগাঁও

অখিল-লুৰীণ-গৌৰৱ গগৈক কটাক্ষ পীয়ুষ হাজৰীকাৰ

সমগ্ৰ উজনি অসম নামলৈ পতা সভাত কেৱল চাৰিশ মানুহ উপস্থিত থাকেঃ মন্ত্ৰী পীয়ুষ হাজৰীকা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ফটো সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীয়ুষ হাজৰীকাৰ। শনিবাৰে মন্ত্ৰী হাজৰীকাই শিৱসাগৰত অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ শুকুৰবাৰৰ সভা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মন্ত্ৰী হাজৰীকাই কয় "উজনি অসমকেন্দ্ৰীক সভাত কেৱল ৪শ মানুহ থাকে। মন্ত্ৰীগৰাকীয়ে দৃঢ়তাকে কয় যে, তিনি গগৈৰ সভাত চাৰিশৰ ওপৰত মানুহ হোৱা নাছিল। বাঘে-চাঘে যেনেদৰে লগ খায় ঠিক তেনেদৰে কেইবাটাও দল লগ হৈ হোৱা সভাত মাত্ৰ চাৰিশ মানুহ হোৱাটো তেওঁলোকৰ বাবে চিন্তনীয় কথা।"

ইমান ডাঙৰ ডাঙৰ নেতা উপস্থিত হোৱা সভাত কেৱল চাৰিশ মানুহ হোৱাটো কিহৰ বতৰা বুলি কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে তেওঁ কয় যে "সভাত বিৰোধী দলপতি দেব্ৰবত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা আছিল, তেওঁলোক কালি ছাইড লাইন হৈ গ'ল।

কেৱল মাত্ৰ তিনি গগৈৰ ফটো চৰ্চিত হৈ গ'ল। বাকী দ্বিগজ নেতাসকল ছাইড লাইন হোৱাত মই দুঃখিত" বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক অনুৰোধ জনাই তেওঁ কয় যে, আপোনালোকে সংকীৰ্ণ ৰাজনীতি নকৰিব। আহোমসকলক সন্মান কৰোঁ বুলি তেওঁ কয় যে, "আহোম তথা লাচিতৰ নেতৃত্বত মোগলক কচু কটা দিয়া কথাটোক লৈ আমি গৌৰৱ কৰোঁ।"

আহোমৰ নেতাসকলক এনেধৰণৰ সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে। বৰাক ভেলীত কংগ্ৰেছ আৰু এআইইউডিএফে মিলি বন্ধ দিছিল। মাটি-বাৰীৰ কাজিয়া লগাৰ দৰে আকৌ এদিন তেওঁলোক ভাই ভাই হৈ যাব।

বৰদোৱাখন কেনেদৰে কাৰ দ্বাৰা পৰিবেষ্টিত হৈছিল। সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ দ্বাৰা বৰদোৱ খন নগাঁওলৈকে উলিয়াই আনিবলৈ সক্ষম হৈছে। বৰপেটা দৰে ঠাইত কোনো খিলঞ্জীয়া লোক নিৰ্বাচিত হ'ব পৰা নাছিল।

এতিয়া তাত অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত হোৱাত কালি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এই কথাবিলাক অখিল গগৈ, কংগ্ৰেছৰ মানুহে বেয়া পাইছে। ১০২ টা সমষ্টি খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষিত হোৱা কথাত বিৰোধীয়ে বেয়া পাইছে।

অখিল গগৈৰ যদি সাহস আছে আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিলাপ্ৰীতি আছে বাবেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে এআইইউডিএফে কেতিয়াও প্ৰতিদ্বন্দ্বী আগনবঢ়াই বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

অলীক-অবাস্তৱ কল্পনাত বিৰোধী নিমজ্জিত হৈ থাকে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয়,"২৪ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব।"