নগাঁও

গৰু গাড়ীৰ পৰা ধন লৈ খেদা খালে চাকৰিৰ পৰা, OC হেমন্ত কলিতা নিলম্বন

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁও : গৰু সৰবৰাহকাৰী পৰা ধন লোৱা অভিযোগত চাকৰিৰ পৰা খেদা খালে আৰক্ষী বিষয়াই ৷ এই বিষয়াজনৰ নাম হৈছে নগাঁও জিলাৰ আমবাগান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কলিতা ৷

বিষয়া কলিতাৰ বিৰুদ্ধে অভিযোগ আমবাগান পহৰা চকীৰ সন্মুখেৰে পাৰ হোৱা চোৰাং গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰোৱাৰ ৷ বিষয়া হেমন্ত কলিতাৰ লগতে গৃহৰক্ষী বাহিনীৰ জোৱান হাফিজুৰ ৰহমানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ৷

অভিযোগ গৃহৰক্ষী জোৱান হাফিজুৰৰ সহযোগত গৰু সৰবৰাহ হোৱা গাড়ীৰ পৰা বিষয়া হেমন্ত কলিতাই ধন সংগ্ৰহ কৰি আহিছিল ৷ নগাঁও আৰক্ষী অধীক্ষক নবনীত মহন্তই বিষয়া কলিতাক নিলম্বন কৰা আৰু হাফিজুৰক অব্যাহতি দিয়া বুলি জনাইছে ৷