'সাম্প্ৰদায়িক BJP-AIUDFৰ বিৰুদ্ধে যুদ্ধ হ'ব তয়াময়া'- প্ৰদ্যুৎ বৰদলৈ 
নগাঁও

'সাম্প্ৰদায়িক BJP-AIUDFৰ বিৰুদ্ধে যুদ্ধ হ'ব তয়াময়া'- প্ৰদ্যুৎ বৰদলৈ

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ শুকুৰবাৰে বিয়লি ভাগত নগাৱঁৰ ৰাজীৱ ভৱনত উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ যুদ্ধ ঘোষণা কৰিলে কংগ্ৰেছ সাংসদ তথা এইবাৰ নগাওঁ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। নগাৱঁৰ ৰজীৱ ভৱনত এখন দলীয় সভাত অংশলৈ উঠি সাংবাদিকৰে হোৱা মত বিনিময়ত তেওঁ ঘোষণা কৰি কয় যে, কংগ্ৰেছ দলৰ যুদ্ধ হ'ব বিজেপি আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে। কাৰণ দুয়োটা দলেই সাম্প্ৰদায়িক দল আৰু দুয়োটা দলেই ধৰ্মীয় মেৰু বিভাজনেৰে বিভেদৰ ৰাজনীতে কৰে।গতিকে দুয়ো সাম্প্ৰদাদিক শক্তিৰ বিৰুদ্ধে এতিয়া আমি যুদ্ধত অৱতীৰ্ণ হৈছো ।

এইবাৰ দলীয় কৰ্মকৰ্তাসকলে যথেষ্ট উৎসাহ আৰু উদ্দীপনাৰে নিৰ্বাচনী ৰণত নামি পৰিছে বুলি তওঁ উল্লেখ কৰে। আনহাতে সুৰেশ বৰাই শেহতীয়াকৈ নগাৱঁত বিজেপি দলৰ সৈতে এ আই ইউ ডি এফ দলৰ মুখ্য প্ৰতিদ্বন্দিতা হ'ব আৰু কংগ্ৰেছ দল ফেক্টৰ নহয় বুলি মন্তব্য কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, সেয়া সময়ত দেখা যাব আৰু তেওঁৰ মুখত ৰাইজে ফুল চন্দন চটিয়াব যদিহে তেওঁৰ কথা সঁচা হয়। সাংসদ গৰাকীৰ সৈতে কংগ্ৰেছৰ জিলা সভাপতি প্ৰমুখ্যে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ।