নগাঁও

নগাঁৱত হনুমান জয়ন্তীৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : বিগত বৰ্ষসমূহৰ দৰে নগাঁও চহৰৰ হয়বৰগাও হনুমান মন্দিৰৰ উদ্যোগত এইবাৰো ৬ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ হনুমান জয়ন্তী উৎসৱৰ আয়োজন কৰা হৈছে। এইবাৰ হনুমান জয়ন্তী উৎসবে ৭২ বছৰত ভৰি দিছে ।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, ৬ এপ্ৰিলৰ সন্ধিয়া অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই হনুমান জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰিব। হনুমান জয়ন্তী উৎসৱৰ সভাপতি প্ৰহ্লাদ ৰায় তোদীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে অংশ গ্ৰহণ কৰিব।

৯ এপ্ৰিললৈকে চলিব লগা এই জয়ন্তী উৎসৱৰ প্ৰতিদিনেই পূজা অৰ্চনা চলি থকাৰ সমান্তৰালভাৱে বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম আৰু ৰামায়ণ পাঠ চলি থকিব। হনুমান জয়ন্তী উৎসৱ সফল কৰি তুলিবলৈ আয়োজক সমিতিৰ সম্পাদক ৰাজেন্দ্ৰ মুন্দ্ৰা আৰু সংযুক্ত সচিব অজিত মহেশ্বৰীয়ে ৰাইজক অনুৰোধ জনায়।

অন্যহাতে ৭ এপ্ৰিলৰ বিয়লি ২ বজাত নগাঁও চহৰত এক বিশাল শোভাযাত্ৰা উলিওৱা হ'ব । তাৰোপৰি মূল অনুষ্ঠানৰ পূৰ্বেই ৪ এপ্ৰিলত পুৱা ১০ বজাত ব্ৰহ্মপুত্ৰ নদীৰ শিলঘাট অংশৰ ৩০১ কলহ পানী আনি নগাঁও চহৰৰ কৃষ্ণ শ্ৰম শিৱ মন্দিৰলৈ অনা হ'ব আৰু তাৰ পৰাই হনুমান মন্দিৰলৈ শুভাযাত্ৰা কৰি নিয়া হ'ব বুলি আয়োজক সমিতিৰ সংযুক্ত সচিব অজিত মহেশ্বৰীয়ে জানিবলৈ দিয়ে ।

আনহাতে নগাঁৱৰ সমন্বয় সাংকৃতিক গোষ্ঠীৰ উদ্যোগত ৬ এপ্ৰিলৰ পৰা নগাওঁ নেহেৰুবালিত শ্ৰী শ্ৰী হনুমান মেলা অনুষ্ঠিত হ'ব। এই মেলা ব্যবসায় বানিজ্যৰ বাবে মুকলি থাকিব। কেইবাবছৰ বিৰতিৰ পিছত এইবাৰ ৰ'য়েল চাৰ্কাছৰ অনুষ্ঠান উপভোগ কৰিবলৈ নগাঁৱৰ ৰাইজে সুবিধা লাভ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

ইয়াৰোপৰি মেলাথলিত প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই মেলা অনুষ্ঠিত কৰিবৰ বাবে উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে।

এই মেলা মাহজোৰা কাৰ্যসূচীৰে চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নেহেৰুবালিৰ এই শ্ৰী শ্ৰী হনুমান মেলাত উদ্যোক্তা সকলে ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।