নগাঁও

খাগৰিজান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : ১৯৭২ চনৰ ১২ চেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে । নগাঁও জিলাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী আৰু বিভিন্ন ঠাইৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক চাহিদা পূৰণ কৰাৰ লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈছে খাগৰিজান মহাবিদ্যালয়।

এই গৰিমামণ্ডিত মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানটি অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে।সোণালী জয়ন্তী সামৰণি সমাৰোহৰ কাৰ্যসূচী অনুসৰি ৪ নৱেম্বৰত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে মূল কাৰ্যসূচীৰ আৰম্ভণি কৰিব ।

মহাবিদ্যালয়ৰ মূল পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে। তাৰপাছতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ দ্বাৰা সোণালী জয়ন্তী পতাকা উত্তোলন আৰু সোণালী জয়ন্তী স্মাৰক উদঘাটন কৰা হ'ব।

মহাবিদ্যালয়খনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ লুটফুৰ ৰহমানৰ দ্বাৰা স্মৃতি তৰ্পণ, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ দ্বাৰা শ্বহীদ তৰ্পণ, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বাদল চন্দ্ৰ ঘোষৰ দ্বাৰা শ্বহীদ বেদীৰ দ্বাৰ উদঘাটনৰ কাৰ্যসূচী সমাপন হ'ব । উল্লেখযোগ্য যে সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ মেলাৰ দ্বাৰ উদঘাটন কৰিব বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ।

সেইদিনা এই কাৰ্যসূচীসমূহৰ লগতে গছপুলি ৰোপণ, প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু আবেলিৰ কবিতা আবৃতি অনুষ্ঠিত কৰা হ'ব । উল্লেখযোগ্য যে এই কাৰ্যসূচী সমূহত ভাগ ল'ব খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° জোনাৰাম নাথ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি কনক হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ বৰুৱা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰ, খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ চেলিমা চুলতানা খণ্ডকাৰে ।

৪ নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক বিচিত্ৰানুষ্ঠান শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ,খগেন গগৈ,গৌৰাংগ ৰাগ আৰু ৰিছা ভৰদ্বাজ । ৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

তাৰ পৰৱৰ্তী কাৰ্যসূচী 'মুকলি সভা'ত সভাপতিত্ব কৰিব খাগৰিজান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দিলীপ শৰ্মাই । সভাত স্মৃতিগ্ৰন্থৰ উন্মোচক ৰূপে উপস্থিত থাকিব খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° সাগৰ বৰুৱা ।

মূখ্য অতিথি ৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত ।

নিমন্ত্ৰিত অতিথি ৰূপে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডা০ দুৰ্লভ চমুৱা আৰু নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকিব । লগতে সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃদুল হাজৰিকা ।

আবেলিৰ ভাগলৈ সুধাকণ্ঠক স্মৰণ কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে । তাৰ পৰৱৰ্তী কাৰ্যসূচীত চিচিংফাঁক কৌতুক গোষ্ঠীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন আৰু কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ সংগীতানুষ্ঠান অনুস্থিত হ'ব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, কাৰ্যকৰী সভাপতি ড° দিলীপ শৰ্মা আৰু মূখ্য সম্পাদক তথা অধ্যক্ষ ড° ৰমেশ নাথে দুদিনীয়াকৈ আয়োজিত হ'বলগীয়া সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।