নগাঁও

ৰহাৰ ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত বিষয়া গহেশ্বঢ় বৰদলৈৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহা : ঐতিহাসিক ফুলগুৰি ধেৱাৰথলীৰ অন্তৰ্গত ধেমাজি গাঁও নিবাসী বিশিষ্ট নাট্যকাৰ, কবি, সমাজসংগঠক তথা ভাৰত চৰকাৰৰ সুদক্ষ অৱসৰপ্ৰাপ্ত বিষয়া গহেশ্বঢ় বৰদলৈয়ে শনিবাৰে পুৱা৮-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮০ বছৰ।

বাৰ্দ্ধক্যজনিত কাৰণত বৰদলৈৰ বিয়োগ ঘটে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। উল্লেখ্য যে, ১৯৪৪ চনত ধনসিং বৰদলৈৰ ঔৰসত আৰু মিকিৰণি বৰদলৈৰ গৰ্ভত জন্মলাভ কৰিছিল বৰদলৈয়ে। ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি ভাৰত চৰকাৰৰ চোৰাংচোৱা বিভাগত মকৰল হৈছিল বৰদলৈ।

উক্ত বিভাগত অসমৰ উপৰি মিজোৰামৰ আইজল, শ্বিলং কেৰালাৰ লগতে অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই আৰু ২০০৪চনত নগাঁৱৰ এচ.আই.বি. কাৰ্যালয়ৰ পৰা বি.এচ.পি. পদত অৱসৰ গ্ৰহণ কৰিছিল। চাকৰি জীৱনত আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে দুবাৰকৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা সন্মান আৰু তিনিবাৰকৈ আই. পি. এই. সন্মান ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে দিল্লীৰ অসম ভৱনতো নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা এইগৰাকী গুণী ব্যক্তিয়ে ৰঙা চকু, কেতেকী ডকাইট প্ৰমুখ্যে কেইবাখনো নাটক ৰচনা কৰিছিল।কাব্যচৰ্চাতো সিদ্ধহস্ত বৰদলৈয়ে মৃত্যৰ সময়ত পুত্ৰ ক্ৰমে প্ৰভাত বৰদলৈ, বুবুটি বৰদলৈ,পঞ্চান বৰদলৈ আৰু কন্যা ক্ৰমে পাৰুল বৰদলৈ, দীক্ষা বৰদলৈৰ লগতে পৰিয়ালবৰ্গক এৰি থৈ যায়। তেঁওৰ মৃত্যুত বৃহত্তৰ ফুলগুৰি অঞ্চলত শোকৰ ছাঁ পৰে।