নগাঁও

জখলাবন্ধাক পৰিকল্পিতভাৱে ধ্বংস কৰিবলৈ লোৱাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ', 'হিটলাৰী শাসন নচলিব','আমাৰ দাবি মানিবই লাগিব','বিজেপি চৰকাৰ হায় হায়' আদি প্ৰতবাদী শ্লোগানৰে মঙ্গলবাৰে উত্তাল হৈ পৰে কলিয়াবৰৰ ৰাজপথ। মূলতঃ কলিয়াবৰৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলীগড়লৈকে প্ৰস্তাৱিত চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথটিৰ অতি কৌশলপূৰ্ণ ভাৱে অন্য স্থানেৰে নিৰ্মাণ কৰি নিবৰ বাবে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত হয়।

উল্লেখ্য যে, 'নাইট কুইন' ৰূপে খ্যাত জখলাবন্ধাৰ অস্বিত্ব বিপদাপন্ন কৰি হাজাৰ হাজাৰ ব্যৱসায়ী আৰু তেওঁলোকৰ কৰ্মচাৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ কৰি কলিয়াবৰ তিনিআলিৰ পৰা বামুনি হৈ চিকনি চাহ বাগিচাৰ মাজৰে নুমলিগড়লৈ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই জন বিৰোধী সিদ্ধান্ত কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ক্ৰয় কৰা কৃষিভূমিক সন্মুুখত ৰাখি লোৱা হৈছে বুলি অভিযোগ উঠিছে।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থৰ আগত ৰাখি এই সিদ্ধান্তৰে অঞ্চলটোৰ জলাশয়, জৈৱ্য-বৈচিত্ৰ্য আৰু চাহ বাগিছাৰ পৰিবেশ পাৰিপাৰ্শ্বিকতাও ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও আজিৰ প্ৰতিবাদকাৰীসকলে উল্লেখ কৰিছে।

নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা নুমলিগড়লৈ নিৰ্মাণ কৰিব বিচৰা ৭১৫ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধাৰ মাজেৰে নুমলিগড়লৈ নিৰ্মাণ কৰাৰ দাবীত আজি কিছুদিন ধৰি কলিয়াবৰৰ বিভিন্ন দল,সংগঠন, নাগৰিক আদিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইয়াৰ বিপৰীতে জখলাবন্ধাৰ বিকল্প হিচাপে কলিয়াবৰ তিনিআলিৰ পৰা দলগাঁও হৈ চিকনি চাহবাগিচাৰ মাজেৰে ৰাঙলু হৈ নুমলিগড়লৈ এই পথটো নিৰ্মাণ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পদক্ষেপ গ্ৰহণ কৰিছে।

ইতিমধ্যে ইয়াৰ জৰীপৰ কামো আৰম্ভ হৈছে। জখলাবন্ধাৰ মাজেৰে এই পথ নিৰ্মাণৰ দাবীত কলিয়াবৰত তীব্ৰ আন্দোলন অব্যাহত আছে। কলিয়াবৰৰ দল সংগঠনে এই সন্দৰ্ভত ১৫ আগষ্টৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

অন্যথা দল সংগঠনসমূহে ৰাইজৰ সহযোগত অধিক শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিছে। এনে পৰিস্থিতিৰ মাজতে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে অসম চাহ মজদুৰ সংঘৰ চিকনি গোট, সন্থাৰ চিকনি প্ৰাথমিক গোট আৰু শ্ৰমিক ৰাইজৰ সহযোগত কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে চিকনি চাহবাগিচাৰ মাজেৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে এই সন্দৰ্ভত বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। প্ৰায় তিনিশতাধিক চাহ জনজাতি ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া ,চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়া, শ্ৰমিক আদিয়ে সহযোগিতা কৰে।

কাৰ্যসূচীৰ অন্তত এই সন্দৰ্ভত সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক আৰু সম্পাদক ধীৰাজ নায়ক স্বাক্ষৰিত এখন স্মাৰক পত্ৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰিছে যে, চিকনি চাহবাগিচাৰ ১,২,৩,৪ নং চেকছন আৰু আমগুৰি গাঁও উচ্ছেদ কৰি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পাৰিছো। এয়া হ'লে চাহবাগিচাত কৰ্মৰত লোকসকলৰ জীৱন নিৰ্বাহ কৰাত তীব্ৰ সমস্যাৰ সন্মুখীন হ'ব। সেয়ে চাহজনজাতি ছাত্ৰ সন্থাই চিকনি চাহবাগিচাৰ মাজেৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ নকৰাৰ ব্যৱস্থা ল'বলৈ স্মাৰক পত্ৰত উল্লেখ কৰিছে।

তদুপৰি সন্থাই চিকনি চাহবাগিচাৰ শ্ৰমিকৰ ভবিষ্যত সুৰক্ষিত কৰা, যুগ যুগ ধৰি চাহবাগিচাত ভোগ দখল কৰি থকা চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ দাবী জনাইছে। আজিৰ এই প্ৰতিবাদত কলিয়াবৰ ফ’ৰলেন দাবি সমিতিৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে ৷

তাৰে ভিতৰত মিত্ৰজোঁটৰ দলীয় কৰ্মীৰ লগতে খোদ বিজেপি দলৰ নিষ্ঠাবান কৰ্মীয়েও প্ৰতিবাদত অংশগ্ৰহন কৰি শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজৰা বিষয়টো আছিল তাৎপৰ্যপূৰ্ণ দিশ ৷