পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন... 
নগাঁও

পূৱ হাতীচোং আঞ্চলিক শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজৰ মৌখিক তথ্য মতে পূৱ হাতীচোং আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগে ইতিমধ্যে ১০০ বছৰ অতিক্ৰম কৰিছে। তাৰোপৰি ১৯৩০ চনতে লিখিত এক তথ্যয়ো এই কথা প্ৰমাণ কৰিছে।

স্থানীয় লোকৰ মতে নগাঁও জিলাৰ পশ্চিমাঞ্চলত কুৰুৱাবাহী সত্ৰতে পূৱ হাতীচোং আঞ্চলিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ প্ৰথমে উদযাপন কৰাৰ পাছত ৰাইডঙীয়া, চকলাঘাট, ধিং, গোসাঁইবৰি, বেবেজিয়া, চমুৱাগাঁও, ভোমোৰাগুৰি, ভেটিয়নী অঞ্চলত ক্ৰমান্বয়ে ৰাস অনুষ্ঠিত হ'বলৈ ধৰিছে। আৰম্ভণিতে মৃন্ময় পুতলাৰ দ্ধাৰা কুৰুৱাবাহী সত্ৰত প্ৰথম প্ৰথম ৰাস অনুষ্ঠিত হৈছিল।

আৰু ৭০ দশক লৈকে কুৰুৱাবাহী সত্ৰত শ্ৰীকৃষ্ণৰ ৰাসপূজা পাতি কেলিগোপাল নাটকৰ লগতে ৰাসক্ৰীড়াৰ আৰ্হিত বিভিন্ন মৃন্ময় পুতলা প্ৰদৰ্শনৰ অন্যতম আকৰ্ষণ আছিল। ৭০ দশকৰ পাছত কালৰ বুকুত এই প্ৰথা হেৰাই গৈছিল।

এইবেলিও এই প্ৰাচীন পৰম্পৰাক সৰোগত কৰি কুৰুৱাবাহী সত্ৰত কেলিগোপাল নাটকৰ লগতে মৃন্ময় পুতলাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যসূচী অনুসৰি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগিয়া কুৰুৱাবাহী সত্ৰৰ ৰাস মহোৎসৱৰ ২৫ নৱেম্বৰ পুৱা স্থানীয় ৰাইজৰ দ্বাৰা চাফাই অভিযানৰ পাছত সন্ধিয়া গন্ধৰ্ব বাদন কৰা হ'ব।

২৬ নৱেম্বৰ পুৱা ৬ বজাত উৰ্ষাকীৰ্ত্তন, ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পন ১০.৩০ বজাত ভগৱান শ্ৰীকৃষ্ণৰ লীলা মহিমাৰ মৃন্ময় পুতলাৰ প্ৰদৰ্শনী মুকলি। মুকলি কৰিব নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈদেয়ে।

পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা দুপৰীয়া ১২ বজাত নাম প্ৰসঙ্গ। নিশা ৮ বজাত অঞ্চলৰ যুৱতী আৰু মহিলাসকলৰ দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া পৰিবেশন কৰা হ'ব।

আনহাতে ২৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা অঞ্চলৰ ভকত বৈষ্ণৱৰ দ্বাৰা নামপ্ৰসঙ্গৰ পাছত নিশা ৯ বজাত অঞ্চলৰ যুৱক বৃন্দৰ দ্বাৰা অংকীয়া নাট কেলিগোপাল মঞ্চস্থ কৰা হ'ব। পূৱ হাতীচোং আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে সকলো কাৰ্যসূচীতে অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে।