নগাৱঁত ৰেডিঅ' দিৱস পালনঃ মধ্য অসম শ্ৰোতা সংঘ গঠন... 
নগাঁও

নগাৱঁত ৰেডিঅ' দিৱস পালনঃ মধ্য অসম শ্ৰোতা সংঘ গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাৱঁৰ কেইগৰাকী মান মননশীল পাঠকৰ প্ৰচেষ্টাত আজি বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়। তদুপলক্ষ্যে হয়বৰগাৱঁত অৱস্থিত এক্সেল ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়। একেখনি সভাতে মধ্য অসম ৰেডিঅ',শ্ৰোতা সংঘ গঠন কৰা হয় ।

উল্লেখ্য যে' ৰেডিঅ'ৰ জনপ্ৰিয়তা আৰু সামাজ ব্যৱস্থাত ৰেডিঅ'ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিশ্ব ৰেডিঅ' দিৱসৰ দিনাই "মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ" নামেৰে এক সামাজিক অনুষ্ঠান গঠন হোৱা কথাই যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি বিশিষ্ট লিখক নিখিল ৰঞ্জন গোস্বামীয়ে মত প্ৰকাশ কৰে। বিশেষকৈ সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত ই সহায়ক হ'ব বুলি ভাষণ প্ৰসঙ্গত তেওঁ ব্যক্ত কৰে ।

অনুষ্ঠানটিৰ আৰম্ভণিতে আয়োজকৰ ফালৰ পৰা কিৰণ চন্দ্ৰ নাথে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ গঠনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অবগত কৰাৰ পিছতে আমন্ত্ৰিত অনাতাঁৰ শিল্পী দেৱকান্ত শইকীয়াই পৰিবেশন কৰা ফুলগুৰি ধেৱা নাটকৰ এটি গীতে উপস্থিত সকলোকে আপ্লুত কৰে ।

আকাশবাণী নগাঁও কেন্দ্ৰৰ মূৰব্বী নিশাৰানী বৰুৱা, অনুষ্ঠান কাৰ্যবাহী গৌতম নাথ, বিশিষ্ট সংগীত পৰিচালক তথা এক্সেল একাডেমীৰ মুখ্য উপদ্দেষ্টা ছাইফুল ইছলাম বৰুৱা, ৰাহুল দেৱ বৰদলৈ, আকাশবাণীৰ ঘোষক তনজিদা বেগম আৰু বিমান মজুমদাৰ, হয়বৰগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক অবিনাশ বৰা প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ভাষণৰ মাজতে সংগীত পৰিচালক চাইফুল ইছলাম বৰুৱাই পৰিবেশন কৰা "আইৰ সমান হ'ব কোন ' শীৰ্ষক গীতটিয়ে সকলোকে ভাবুক কৰি তোলে ।

উল্লেখ্য যে ১৯৪৬ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰ সংঘই তেওঁলোকৰ অনাতাঁৰ কেন্দ্ৰটি স্থাপন কৰে । আৰু ২০১১ চনৰ পৰা এই দিনটো ৰাষ্ট্ৰংঘই বিশ্ব ৰেডিঅ' দিৱস হিচাপে ঘোষণা কৰে।