নগাঁও

ভোট বৰ্জনৰ হুংকাৰ! চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ৰহাৰ হাতীমুৰাবাসী..

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰহাঃ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰহাৰ হগলটলি হাতীমুৰাবাসীয়ে ভোট বৰ্জনৰ হুংকাৰেৰে প্ৰতিবাদ সাব্যস্ত কৰে। গাঁওখনত নাই বিদ্যুৎ যোগান,নাই সুচল যাতায়তৰ পথ। এজাক বৰষুণতে পথৰ অৱস্থা পুখুৰী সদৃশ হৈ পৰে। সন্ধিয়া মাটি চাকিৰ পোহৰত পঢ়া-শুনা কৰে ল'ৰা-ছোৱালীৰে।ইয়াৰ ওপৰিও গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।

মুঠৰ ওপৰত এই আধুনিকতাৰ দিনত কোনো ধৰণৰ সা-সুবিধা লাভ নকৰাকৈ বছৰ বছৰ ধৰি যন্ত্ৰনা ভোগি আহিছে গাঁওবাসীয়ে। বাৰে বাৰে আবেদন জনোৱাৰ পিছতো বিদ্যুৎ ব্যৱস্থা লাভ নকৰা লগতে জনপ্ৰতিনিধিৰো কোনো গুৰুত্ব পোৱা নাই গাঁওবাসীয়ে। সেয়ে অতিষ্ঠ ৰাইজে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। সদল বলে ওলাই আহি জৰাজীৰ্ণ পথৰ ওপৰত প্ৰতিবাদ কৰে ৰাইজে। লোকসভা আৰু বিধানসভা সকলো নিৰ্বাচনতে ভোট বৰ্জনৰ হুংকাৰ দিয়ে গাঁওবাসীয়ে।