নগাঁও

এশ শতাংশ উত্তীৰ্ণৰে উজ্বলিল ৰাইডঙীয়া শংকৰ মাধৱ বিদ্যাপীঠ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাৰ ফলাফলত ৰাইডঙীয়া শংকৰ মাধৱ বিদ্যাপীঠৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ৰাইডঙীয়া শংকৰ মাধৱ বিদ্যাপীঠৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত এইবৰ্ষত ৩৫ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।

তাৰে ১৫ জন প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ১১ জন আৰু তৃতীয় বিভাগত ৯ জন ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হৈছে । ইয়াৰে গাৰ্গী কলিতা, পাপৰি ভূঞা আৰু ধৰিস্মিতা বৰাই ষ্টাৰ নম্বৰ লাভ কৰিছে ।

লগতে গাৰ্গী কলিতাই বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সৰ্বাধিক (৪২৫) নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । ২০১৭ চনত প্ৰতিষ্ঠা লাভ কৰা তথা চালুকীয়া ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান খনৰ সাফল্য বাবে অঞ্চলটোৰ ৰাইজে প্ৰসংশা কৰিছে ।