ৰাইডঙীয়া হলিৰাম শইকীয়া উঃমাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান... 
নগাঁও

ৰাইডঙীয়া হলিৰাম শইকীয়া উঃমাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ ৰাইডঙীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। বিদ্যালয়খনৰ ৭৫ বছৰৰ গৌৰৱোজ্বল পৰিক্ৰমাৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছত হলিৰাম শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিব বিশিষ্ট পৰিবেশবিদ অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েং ১১.৩০ বজাৰ পৰা "ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ" শীৰ্ষক আলোচনাচক্ৰত মুখ্য বক্তা হিচাবে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব সাহিত্যিক হৃষিকেশ গোস্বামীয়ে।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু ৬ বজাৰ পৰা গীত-মাত নৃত্য, নাটকৰ সমাহাৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব।