শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালনঃ ডিজিটেল শ্ৰেণীকোঠা আৰু দেৱাল শুভ উদ্বোধন... 
নগাঁও

শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালনঃ ডিজিটেল শ্ৰেণীকোঠা আৰু দেৱাল শুভ উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ সোমবাৰে নগাঁও সদৰ সমষ্টিৰ বেবেজীয়াৰ নিকটৱৰ্তী শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ ব্যৱস্থাপনাত চলচলি মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে আৰু শিক্ষক অভিভাৱকৰ মাজত সু-সম্পৰ্ক ৰক্ষাৰ অৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উক্ত অনুষ্ঠানতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিত থাকি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা অনুমোদিত বিদ্যালয়খনৰ দেৱালৰ শুভ উদ্ধোধন কৰাৰ লগতে বিদ্যালয় এখনৰ এ টি ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে।

উল্লেখ্য যে, চৌহদৰ পকীবেৰ জৰিয়তে বিদ্যালয়খন সুৰক্ষিত হোৱাৰ লগতে ডিজিটল শ্ৰেণীকোঠাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হ'ব পাৰিব। উক্ত অনুষ্ঠানসমূহত খাগৰিজান শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, সমাজকৰ্মী হৰিচৰণ ডেকা, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যৱাহী সদস্যা বিশ্বজ্যোতি পাটৰ, জিলা পৰিষদৰ সদস্য কাঞ্চন পাটৰ বৰদলৈ, বৰভেটি পঞ্চায়তৰ সভানেত্ৰী নিলাঙ্কৃতা বৰদলৈ প্ৰমুখ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মোস্তাফা আমিনুল্লাহ, অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী, ছাত্র-ছাত্ৰী আৰু অভিভাৱক, অভিভাৱিকাসকল উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।