মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজনীল ডেন্স একাডেমীয়ে... 
নগাঁও

মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজনীল ডেন্স একাডেমীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰৰ হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিৱেশনৰ জৰিয়তে চমকপ্ৰদ সফলতা লাভ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় "সংস্কৃতি সংগ্ৰাম" মহোৎসৱত উজলিল নগাঁৱৰ হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমী।

নগাঁও জিলাৰ বঢ়মপুৰৰ হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমীৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে "সংস্কৃতি সংগ্ৰাম" মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সুদূৰ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া এক সাংস্কৃতিক মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে।

ৰাজনীল ডেন্স একাডেমীৰ পৰিচালন সঞ্চালিকা নীলাঞ্জনা বেজবৰুৱাৰ তত্বাবধানত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিদ্যালয়খনৰ ছাত্ৰী বৃত্তিলিকা বৰা, ড্ৰিমলী বৰা, মৃগাশ্ৰী কেওঁট, কৃষ্টি হাজৰিকা, ৰাজনন্দিনী বেজবৰুৱা, জুৰি বৰুৱা, কৃষ্ণাক্ষী ঠাকুৰীয়া, ডিম্পল শ‌ইকীয়া, বিপাংক্ষী শ‌ইকীয়া আৰু চিৰঞ্জনা বৰাই সুদূৰ মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰি নিজৰ প্ৰতিভা প্ৰৰ্দশন কৰিব।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা নৃত্যৰ বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।