নগাঁও

সফলতাৰ অনন্য বাট দেখুৱাইছে ৰামানুজনৰ শিক্ষক দিলীপ বৰাই...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ সদা বিতৰ্কৰে শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা শিক্ষক জন হৈছে দিলীপ বৰা ৷ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ লগে লগে বিতৰ্ক দিলীপ বৰাৰ ক্ষেত্ৰত ৷ একেই বিতৰ্কৰে পুনৰ সাঙুৰ খালে দিলীপ বৰাই ৷

শিক্ষক দিলীপ বৰাই বোলে যাদু জানে ৷ কি যাদু ? পৰীক্ষাত সফলতাৰ যাদু ৷ দিলীপ বৰাৰ যাদুৰ বলত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু বৰ্তমানৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ে হায়াৰচেকেণ্ডাৰী পৰীক্ষাত পুনৰ বৃহৎ সফলতা দেখুৱালে ৷

এই সফলতাত আছে ৰামানুজনে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম , দ্বিতীয়, তৃতীয়, চতুৰ্থকে ধৰি মুঠ ১১ টা স্থান দখল ৷ একেদৰে কলা শাখাত প্ৰথম, দ্বিতীয় স্থানকে ধৰি মুঠ ৮ জনে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰে ৷ সৰ্বমুঠ ১৯ জনে স্থান দখল কৰে ৷ কলা আৰু বিজ্ঞান শাখাত কুৰিটা স্থান দখলৰ লক্ষ্য স্থিৰ কৰা শিক্ষক দিলীপ বৰাৰ ৰামানুজনে ১৯ টি স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

ৰামানুজন আৰু অধ্যক্ষ দিলীপ বৰা অসমবাসীৰ বাবে চিনাকি হৈ পৰিছিল ২০১৩ চনৰ পৰা ৷ সেই বৰ্ষত ৬ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ চেকেণ্ডাৰীত স্থান লাভ কৰিছিল ৷ ২০০৫ চনত ৰামানুজন প্ৰতিস্থা কৰা দিলীপ বৰাৰ প্ৰথমৰ পৰা সফল আছিল যদিও নগাঁৱৰ পৰিসীমা ভেদি যোৱা নাছিল ৷ ভাড়া ঘৰত টিউচন চেন্টাৰ স্থাপনৰে আৰম্ভ কৰা যাত্ৰা আজি ঈৰ্ষনীয় সফলতা ৷

অধ্যক্ষ দিলীপ বৰাৰ দিনটোৰ শৈক্ষিক যাত্ৰা আৰম্ভ হয় পুৱা চাৰি বজাৰ পৰা ৷ পুৱা ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল পৰিদৰ্শন কৰে বৰাই ৷ পঢ়া টেবুলত বহিছেনে নাই সেই কথা চকু দিয়াৰ লগতে হোষ্টেলৰ খাদ্য প্ৰস্তুতৰ ওপৰত চকু দি সাজু হয় ৰামানুজনৰ পাঠদানৰ বাবে ৷

দৈনিক সাতৰ পৰা আঠটাকৈ নিজে ক্লাছ কৰে দিলীপ বৰাই ৷ ইয়াৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল ব্যৱহাৰ কৰিছে নেকি, ক্লাছ সকলোয়ে কৰিছেনে নাই, মটৰ চাইকেল চলাই ঘূৰি ফুৰিছেনে নেকি সকলো চকু দিয়ে বৰাই ৷ সন্ধ্যা তিনি আলি, চাৰি আলিত ঘূৰি ফুৰিছে নেকি তাৰ ওপৰটো চকু দিয়ে ৷ আনকি শিক্ষাৰ ক্ষেত্ৰত অসুবিধা পালে হোষ্টেলৰ কোঠা বা ঘৰলৈ গৈ ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ পাঠ খৰচি বুজাই দিয়ে দিলীপ বৰাই ৷

এদিন ৰসায়ন বিজ্ঞানৰ ছাত্ৰ দিলীপ বৰাই এটি চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল ৷ দুটাকৈ চৰকাৰী শিক্ষানুষ্ঠানত কাম কৰি থকা অস্থায়ী পদৰ পৰা আতৰ হ’ব লগা হৈছিল ৷ স্থায়ী মকৰলৰ পৰা বঞ্চিত হৈছিল ৷ সেই কথাকে প্ৰত্যাহবান হিচাপে লৈ দিলীপ বৰাই জন্ম দিছিল ৰামানুজনক ৷

এদিন ভাড়া কোঠা নিজে ঝাৰু মাৰি পৰিস্কাৰ কৰি ছাত্ৰ-ছাত্ৰীক পঢ়ুৱা দিলীপ বৰাই প্ৰথমে এশ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই ২০১৩ চনৰ পৰা ধাৰাবাহিকভাৱে ৰামানুজনে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি আহিছে ৷ ২০১৩ চনত ৬ জনে, ২০১৪ চনত ৫, ২০১৫ চনত ৭, ২০১৬ চনত ৪, ২০১৭ চনত ৭, ২০১৮ চনত ৫, ২০১৯ চনত ৭, ২০২০ চনত ১৯, ২০২২ চনত ৭ জনে স্থান লাভ কৰিছিল ৷ আজি ঘোষিত ফলাফল অনুসৰি ১৯ জনে স্থান লাভ কৰে ৷

ৰামানুজনত অধ্যয়ন কৰি সুনাম অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী সময়ত শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ দিশটো সহায়ৰ হাত আগবঢ়াই দিলীপ বৰাই ৷ সিমানে নহয় অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হ’লে অধ্যক্ষ বৰাই সহায়ৰ হাত আগবঢ়াই ৷

শেহতীয়াকৈ ৰামানুজনৰ এজন প্ৰাক্তন ছাত্ৰক লৈ চীন আৰু আমেৰিকাৰ মাজত যুঁজ আৰম্ভ হৈছে ৷ জলপানী দি দুয়োখন দেশে ছাত্ৰজনৰ গৱেষণা কামৰ বাবে টনা আজোৰা চলাইছে ৷

ছাত্ৰজন বৰ্তমান চীনত গৱেষণাত ব্যস্ত হৈছে ৷ ইফালে ৰামানুজনৰ প্ৰাক্তন ছাত্ৰ ময়ূৰ হাজৰিকাই ইউ পি এছ চিৰ পৰীক্ষাত দেশৰ ভিতৰত পঞ্চম স্থান লাভ কৰি শেহতীয়াকৈ সফলতা বুটলিছে ৷

ৰামানুজনৰ ঈষনীয় ধাৰাবাহিক সফলতাৰে দিলীপ বৰাই সুস্থ আৰু সফল বিতৰ্কৰ সূচনা কৰাৰ লগতে নগাঁৱক শিক্ষাৰ এক আগস্থান হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা লোৱা বুলিব পাৰি ৷