নগাঁও

৩ গৰাকী বৰেণ্য শিক্ষাবিদক বঁটা প্ৰদানৰ ঘোষণা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ

বৰেণ্য শিক্ষাবিদলৈ "ৰামানুজন শিক্ষক বঁটা" প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ৰাজ্যৰ ৩গৰাকী প্ৰসিদ্ধ শিক্ষাবিদক "ৰামানুজন শিক্ষক বঁটা"ৰে সন্মানিত কৰিব। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই জানিবলৈ দিয়া মতে চিৰ নমস্য শিক্ষাগুৰু সকলৰ ত্যাগ আৰু কৰ্মৰাজিৰ বন্দনাৰে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিবছৰে শিক্ষক দিৱসৰ দিনটোত ৩গৰাকীকৈ শিক্ষকক ৰামানুজন বঁটাৰে সন্মানিত কৰি আহিছে।

চলিত বৰ্ষৰ শিক্ষক দিৱসৰ দিনটোত শিক্ষানুষ্ঠানখনে ৰাজ্যৰ ৩গৰাকী শিক্ষাবিদ ক্ৰমে মিতভাষৰ স্ৰষ্টা,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: নগেন শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বিশিষ্ট লেখক ড: উপেন ৰাভা হাকাচাম আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক মহেন্দ্ৰ আহোমক শিক্ষানুষ্ঠানখনে ৰামানুজন শিক্ষক বঁটাৰে সন্মানিত কৰিব।

৫ ছেপ্টেম্বৰত নগাঁৱৰ সাংস্কৃতিক প্রকল্পত আয়োজিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উল্লেখিত ৩গৰাকী শিক্ষাবিদক ''ৰামানুজন শিক্ষক বঁটা"ৰে সন্মানিত কৰা হব বুলি অধ্যক্ষ বৰাই জানিবলৈ দিয়ে। আনহাতে এই পদক্ষেপক লৈ শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকল উৎসাহিত হৈ পৰিছে।

উল্লেখ্য যে,পৰীক্ষা সমূহত চমকপ্রদ ফলাফলেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰৰ লগতে সাহিত্য,সংস্কৃতি আৰু সামাজিক দিশত কেতবোৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।