কৰছুং সত্ৰ ৰাস মন্দিৰৰ মুকলি মঞ্চত সপ্তদশ তম সোনাইপৰীয়া ৰঙালী বিহু উৎসৱ আৰম্ভ... 
নগাঁও

কৰছুং সত্ৰ ৰাস মন্দিৰৰ মুকলি মঞ্চত সপ্তদশ তম সোনাইপৰীয়া ৰঙালী বিহু উৎসৱ আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ কৰছুং সত্ৰ ৰাস মন্দিৰৰ মুকলি মঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত সপ্তদশ সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ আজিৰ দিনটোত বিভিন্ন কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি প্ৰবীন হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে ১০বজাৰ পৰা কবিতা আবৃত্তি, চিত্ৰাংকন, আকস্মিক বক্তৃতা, সাধুকথা কোৱা, ভেশচন প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত হ'য়।

বিয়লি ৪ বজাৰ পৰা জিলা ভিত্তিত জেং বিহু আৰু নিশা ৮ বজাৰ পৰা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'য়। মুকলি কুইজ পৰিচালনা কৰে সাাংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। পাছত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিচিত্ৰ কুমাৰ বৰা, দেৱানন্দ শৰ্মা, সম্পাদক ৰাজীৱ বৰা, সাংস্কৃতিক সম্পাদক অনুপ বৰা, সহকাৰী সম্পাদক পাৰ্থ প্ৰতিম বৰাকে আদি কৰি সদস্যসকলৰ উপস্থিতিত অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ, ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

দেওবাৰে উৰুলি, বিয়া নাম, জাতীয় সাজ পাৰ প্ৰতিযোগিতা আদিৰ পিছতে সন্ধিয়া ৮ বজাৰ পৰা গীত-মাত-নৃত্য সমাাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সভাপতিৰ পৰা জানিব পৰা মতে, দেওবাৰেই সোনাইপৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰৰ বাবে সোনাইপৰীয়া জন হিতৈষী বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সমাজ সেৱক ড০ অসীম কুমাৰ দাসক।