নগাঁও

নিজ হাতীচোং দীঘলীপাৰত ৰঙালী বিহুৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তৰ নিজ হাতীচোং দিঘলীপাৰত অহা ৪ মে'ত দিনজোৰাকৈ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নিজ হাতীচোং দিঘলীপাৰৰ দিবা সাংস্কৃতিক গোষ্ঠী তথা যুৱক-যুৱতীৰ উদ্যোগত দিঘলীপাৰ নামঘৰৰ বাকৰিত আয়োজন কৰা ৰঙালী বিহু কাৰ্যসূচীৰ অংশৰূপে পুৱা বন্তি প্ৰজ্বলন, ছহিদ তৰ্পণ আৰু বৃক্ষৰোপণৰ অন্তত পতাকা উত্তোলন কৰা হ'ব।

ইয়াৰ পাছতে দিনৰ ভাগত কেইবাটাও শাখাত চিত্ৰাংকন, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ অঞ্চলৰ শিশু, কিশোৰ,যুৱক-যুৱতীৰদ্বাৰা গীত-নৃত্য প্ৰদৰ্শন,আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন আৰু কৌতুক গোষ্ঠী পি বি ক্ৰিয়েচনদ্বাৰা কৌতুক অনুষ্ঠান পৰিবেশন কৰা হ'ব বুলি উদ্যোক্তাই জনায়।

আনহাতে, নিশালৈ আমন্ত্ৰিত কণ্ঠশিল্পী সপ্তৰ্ষি বৰা আৰু ৰাশি প্ৰিয়াৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক মনোৰঞ্জন বৰাই জানিবলৈ দিছে।