নগাঁও

ৰাইদঙীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ৰাইদঙীয়াৰ সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি অহা ১৩ মে’ত দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ ৰোহিনী বৰাক সভাপতি, নৱ কুমাৰ বৰাক কাৰ্যকৰী সভাপতি, ৰিন্টু গোস্বামীক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে ৷

এইবাৰ ৩৭ সংখ্যক বৰ্ষত ভৰি দিয়া এই উৎসৱৰ কাৰ্যসূচী ক’ৰচুং শ্বহীদ স্মৃতি খেলপথাৰত অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, ১১ বজাত বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা আৰু অন্তৰংগ আলাপ, বিয়লি ২ বজাত জিলা ভিত্তিক জেং বিহু প্ৰতিযোগিতা আৰু ডিজিটেল মুকলি কুইজ অনুষ্ঠিত হ’ব ৷

নিশা ৮ বজাৰ পৰা বঁটা বিতৰণ অনুষ্ঠান আৰু আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সাংস্কৃতিক অনুষ্ঠানত জাগৃতি কলিতা বিহু দল আৰু জাগীৰোডৰ ৰং বসন্ত বিহু হুচৰি দলে নৃত্য প্ৰদৰ্শনৰ লগতে কন্ঠশিল্পী ভৃগু কাশ্যপে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।