নগাঁও

নগাঁও চহৰত মুকলি হ'ল ডেলিছিয়াচ ৰেষ্টুৰেন্ট এণ্ড কেফে

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আশিকুজ জামান পাঠান(নয়ন), জাহাংগীৰ হুছেইন, মানছৰুল হক, মুকছিদুল ইছলাম নামৰ চাৰি গৰাকী শিক্ষিত যুৱকৰ প্ৰচেষ্টাত নগাঁও চহৰৰ ধিং গেইটত বৃহস্পতিবাৰে মুকলি হৈছে এখন অত্যাধুনিক ৰেষ্টুৰেন্ট এণ্ড কেফে। "ডেলিছিয়াচ ৰেষ্টুৰেন্ট এণ্ড কেফে" শীৰ্ষক ব্যবসায় প্ৰতিষ্ঠান খনত উন্নত মানৰ এছিয়ান খাদ্য সম্ভাৰ কম মূল্যত উপলব্ধ হ'ব।

আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিটা কাটি "ডেলিছিয়াচ ৰেষ্টুৰেন্ট এণ্ড কেফে"ৰ দ্বাৰ মুকলি কৰে সমাজকৰ্মী আবু বক্কৰ চিদ্দিকে। দ্বাৰ মুকলি কৰি আবু বক্কৰ চিদ্দিকে "চাকৰিৰ পিছত দৌৰা দৌৰি নকৰি নিজৰ লগতে আন দহজনক উপাৰ্জনৰ পথ মুকলি কৰাৰ সপোনৰ দেখা চাৰিজন যুৱকে প্ৰশংসনীয় পদক্ষেপ লৈছে। বটদ্ৰৱা থানৰ প্ৰবেশ পথত ধিং গেইটত মুকলি হোৱা ৰেষ্টুৰেন্ট খনলৈ সকলো নগাঁও বাসী ৰাইজৰ লগতে বটদ্ৰৱা থানৰ তীৰ্থযাত্ৰী সকলোৱেও আহাৰ গ্ৰহণ কৰিব পাৰিব।" বুলি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মোচ্চাবিৰ আলি আহমেদ, সাংবাদিক নাজিম উদ্দিন, দিব্যজ্যোতি বৰুৱা, দিলদাৰ হুছেইন, সমাজকৰ্মী ৰফিকুল ইছলাম, চাইফুল ইছলামকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।