নগাঁও

নগাঁও চৰকাৰী আৰবান হাইস্কুলত প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহৰ ব্যাপক আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ এখনি অগ্ৰনী শিক্ষানুষ্ঠান চৰকাৰী আৰবান বেচিক স্কুল তথা আৰবান হাইস্কুল। শিক্ষাৰ পোহৰ বিয়পাই প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে ১৯৫৫ চনতে কেইবাগৰাকী সমাজহিতৈষী, শিক্ষাব্ৰতী তথা মহান মনিষীৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত নগাঁও চহৰৰ মহাত্মা গান্ধী পথত প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও চৰকাৰী আৰবান বেছিক স্কুল ৷

পাছলৈ বিদ্যালয়খন বিদ্যালয়ৰ একেটা পৰিসীমাৰ মাজতে চৰকাৰী আৰবান বেছিক স্কুল আৰু ১৯৮২ চনত প্ৰতিষ্ঠা লাভ কৰা চৰকাৰী আৰবান হাইস্কুল একলগ হৈ ২০১৭চনত চৰকাৰী নীতি অনুসৰি নগাঁও চৰকাৰী আৰবান হাইস্কুল ৰূপে স্বীকৃতি লাভ কৰে ।

১৯৫৫ চন তথা ১৯৮২ চনৰ পৰা এই দুয়োখন বিদ্যালয়তে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি বৰ্তমান ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সিচৰিত হৈ থকা তথা নিজ দেশৰ লগতে বিদেশৰ অৰঙে-দৰঙে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি অহা ৩০ ডিচেম্বৰ শনিবাৰে দিনজোৰা কাৰ্যাসূচীৰে আয়োজন কৰিবলৈ লোবা হৈছে এখনি প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহ।

সেই উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ ডাঃ ৰূপক নাথক সভাপতি, প্ৰানজিৎ দাসক উপ-সভাপতি, মোহন দাস নাইডুক কাৰ্যকৰী সভাপতি, চাবিৰ খান আৰু নৱজ্যোতি বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে। লগতে দ্বীপেন শইকীয়া আৰু মৃনাল বৰাক স্মৃতিগ্ৰন্থ সম্পাদক, লভিতা শইকীয়া দাস,অংকুৰ শইকীয়া,চিন্তু শইকীয়াক সাংস্কৃতিক সম্পাদক হিচাপে ৰখা হৈছে।

আনহাতে মিতালী বিশ্বাস আৰু অজন্তা ৰাজখোৱাক সাংগঠনিক সম্পাদক হিছাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰি বৰ্তমান ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। ইতিমধ্যে আৰবান হাইস্কুল প্ৰাংগনত এটি অস্থায়ী কাৰ্যালয় স্থাপন কৰি আয়োজক সমিতিয়ে প্ৰতিদিনে বিদ্যালয়ৰ প্ৰাংগনত উপস্থিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়ন কৰাই আহিছে ।

বৰ্তমানলৈকে ১৯৭৬ ৰ পৰা আৰম্ভ কৰি ২০২২ বৰ্ষলৈকে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন সম্পন্ন কৰিছে । ইয়াৰোপৰি যিসকল ৰাজ্য তথা দেশ বিদেশত কৰ্মসূত্ৰে বসবাস কৰি আছে তেওঁলোকেও অনলাইন ব্যৱস্থাৰে নিজৰ নিজৰ পঞ্জীয়ন সমূহ সম্পন্ন কৰিছে ৷

সুদূৰ নাইজেৰিয়াৰ পৰা আহি পঞ্জীয়ন কৰাইছে প্ৰাক্তন ছাত্ৰ ৰিদিপ দাসে ৷ একেদৰে মুম্বাই,নতুন দিল্লী, কলকতা, বাংগালোৰ, চেন্নাই, হায়দৰাবাদ, পুনেৰ লগতে শ্বিলং, গুৱাহাটী, ডিব্ৰুগড়, গোলাঘাট, গোৱালপাৰা, তেজপুৰ, তিনিচুকীয়া, দুলিয়াজান, মাৰ্ঘেৰিটা, বিশ্বনাথ চাৰিআলি আদিত কৰ্মৰত প্ৰাক্তন বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে অনলাইন প্ৰক্ৰিয়াৰে পঞ্জীয়ন সম্পন্ন কৰিছে।

লগতে অহা ৩০ ডিছেম্বৰত দিনজোৰা কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগীয়া প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহৰ এই বৃহৎ অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়ত অধ্যয়নৰত তাহানিৰ স্মৃতি ৰোমন্থনৰ এয় বিশেষ ক্ষণত উপস্থিত থকাৰ কথা প্ৰকাশ কৰিছে । দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে আয়োজক সমিতিলৈ তেওঁলোক নাম পঞ্জীয়নৰ বাহিৰেও অৰ্থ সাহায্য দি অনুষ্ঠানভাগ সাফল্যমণ্ডিত হোৱাত বিশেষ অৰিহণা আগবঢ়াইছে।