নগাঁও

শিমলুগুৰি তিনিআলিত পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাওঁ জিলাৰ সদৰ সমষ্টিৰ শিমলুগুৰিত শুকুৰবাৰে সংঘটিত দুৰ্ঘটনা মাৰ নৌযাওঁতে শনিবাৰে সন্ধিয়া পুনৰ পথ দুৰ্ঘটনাত ২জন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰমতে আজি নিশা ৯ -০০বজাত শিমলুগুৰি তিনিআলিত এখন স্কুটিয়ে পথ অতিক্ৰম কৰোতে ধিং দিশৰ পৰা নগাঁও অভিমুখে আহি থকা কেঁচা মালভৰ্তি ব'লেৰ বাহন এখনে তীব্ৰ বেগত আহি খুন্দা মাৰে।

খুন্দা মৰাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত স্কুটীখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে কেঁচা মালভৰ্তি ব'লেৰ বাহনখন পলায়ন কৰে।

জানিব পৰামতে, দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীখনৰ নম্বৰ AS05 R 6244 । দুৰ্ঘটনাত আহত ব্যক্তি দুয়োজনৰেই নাম মুছলেম উদ্দিন। ইতিমধ্যে আহত ব্যক্তি ২জনক ৰাইজে উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।