নগাঁও

বটদ্ৰৱাত পথ দুৰ্ঘটনাঃ আহত ককা-নাতিনী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ কদমনিত সংঘটিত হৈছে পথ দুৰ্ঘটনা।দুৰ্ঘটনাটো আহত হয় ককা আৰু নাতিনী৷ ককাকে স্কুলৰ পৰা নাতিনীয়েকক চাইকেলেৰে আনি থকাৰ অবস্থাত পিছফালৰ পৰা তিব্ৰবেগী বাছৰ খুন্দাত আহত হয় দুয়ো৷

গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত কদমনি পথাৰৰ আব্দুচ চালাম(ককা) আৰু ছাজিদুল ইছলাম(নাতি)ক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। ধিঙৰ পৰা নগাঁও অভিমুখী এ এচ ০৫ চি ৬০১১ নম্বৰৰ বাছখনে দ্ৰুতগতিত অহাৰ ফলতেই দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজয়ে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বটদ্ৰৱা আৰক্ষীয়ে জব্দ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।