পুৰণিগুদামৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা.. 
নগাঁও

পুৰণিগুদামৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা..

Asomiya Pratidin

ডিজিটেল সংবাদ চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। মাৰুতি ব্ৰীজা আৰু টাটা মিনিট্ৰাকৰ মাজত সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত বহুসময় ধৰি মিনিট্ৰাকখনতে আবদ্ধ হৈ থাকে চালকগৰাকী। ইয়াৰ পাছত ৰাইজৰ সহযোগত বহুসময়ৰ পাছত উদ্ধাৰ চালকগৰাকীক।

দুৰ্ঘটনাটোৰ ফলত মহিলা, শিশুসহ আহত সৰ্বমুঠ পাঁচজন। জানিব পৰা মতে মিনিট্ৰাকখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

ঘটনাস্থলীত কলিয়াবৰ আৰু পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ আহত সকলোকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ দিহা কৰে।