নগাঁৱৰ জামুগুৰিত ভয়ংকৰ দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই... 
নগাঁও

নগাঁৱৰ জামুগুৰিত ভয়ংকৰ দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই...

চাউল কঢ়িওৱা ট্ৰাকে খুন্দিয়ালে স্কুটিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ জামগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ঠিতাতে নিহত হৈছে এগৰাকী মহিলা।

প্ৰাৰম্ভিক খবৰ অনুসৰি এখন স্কুটিক এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত নিহত মহিলাগৰাকীৰ নাম ৰূপা বৰদলৈ।

৩৫ বৰ্ষীয় ৰূপা বৰদলৈৰ ঘৰ লঠাবৰি গাঁৱত। জানিব পৰা মতে তেওঁ এ এছ ০২ এ এফ ৮৯১৯ নম্বৰৰ স্কুটিখনেৰে আহি থকাৰ অৱস্থাৰে ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়াই অনা এ এছ ২১ ৫৪২৬ নম্বৰখনৰ ট্ৰাকখনে পাছফালৰ পৰা খুন্দা মাৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰাৰ লগতে শোকৰ ছাঁ পৰিছে।