কলিয়াবৰ চুলুঙত ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত এজন... 
নগাঁও

কলিয়াবৰ চুলুঙত ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ বুধবাৰে দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰৰ চুলুঙত। এই দুৰ্ঘটনাত এদন লোক থিতাতে হয়।

জানিব পৰা মতে নিহত লোকজনৰ নাম বংশী চৌহান। নিহত বংশী চৌহানে ৰঙা ৰঙৰ পালচাৰ বাইকেৰে তীব্ৰ বেগত গৈ ৩৭ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা এইছ পি ৩৮ ই ৮১১৯ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় তেওঁ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।