বেদখলেৰে পুখুৰী খন্দাৰ পৰিণতিঃ বটদ্ৰৱা থান বাৰোৱাটী সংযোগী পথত পুখুৰী...  
নগাঁও

বেদখলেৰে পুখুৰী খন্দাৰ পৰিণতিঃ বটদ্ৰৱা থান বাৰোৱাটী সংযোগী পথত পুখুৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্রৱাৰ এটা গুৰুত্বপূৰ্ণ পথত বৰ্তমান পুখুৰী সদৃশ পৰিবেশ। মৰিগাঁও জিলাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ অহাযোৱা কৰা মূল গড়কাপ্তানি পথটো বৰ্তমান এককাল পানীৰ তলত।

অঞ্চলটোত থকা ৰৌমাৰী বিল, হাইডুবি বিলকে আদি কৰি জলাশয়সমূহ বেদখল কৰি মৎস্য পালনৰ বাবে বৃহৎ বৃহৎ পুখুৰী নিৰ্মাণ কৰাৰ পৰিণতিত এই কদৰ্য তথা বিধ্বস্ত ৰূপ। গুৰুত্বপূৰ্ণ পথটোৰ বাৰুৱাটীৰ পৰা ২০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা বটদ্রৱা প্ৰকল্পলৈকে এই ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত বৰ্তমান ভয়লগা দৃশ্য।

পথটোৰে তীৰ্থযাত্রীসকলে এই পথেৰে অহা যোৱা বাদ দিছে, কিন্ত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, ব্যবসায়ী, সাধাৰণ জনতাৰ লগতে ৰোগীৰ ক্ষেত্ৰত ব্যপক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰোপৰি অঞ্চলৰ ৩০ খন ৰাজহ গাঁও কৃত্ৰিম বানৰ কবলত পৰি ককবকাই থাকিব লগা হৈছে।

এইলৈ ৰাইজে বাৰে বাৰে আবেদন নিবেদন কৰি আহিছে যদিওঁ চকু মুদা কুলিৰ ভাওত প্ৰশাসন, চৰকাৰ। যাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিলসমূহ বেদখল মুক্ত কৰাৰ লগতে পথছোৱা পুনৰ নিৰ্মাণৰ দাবী জনাইছে।