নিশা সোণাৰুগুৰিত বৰযাত্ৰীক আক্ৰমণঃ দুৰ্বৃত্তই কাঢ়ি নিলে অলংকাৰ আৰু নগদ ধন... 
নগাঁও

নিশা সোণাৰুগুৰিত বৰযাত্ৰীক আক্ৰমণঃ দুৰ্বৃত্তই কাঢ়ি নিলে অলংকাৰ আৰু নগদ ধন...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত সোণাৰুগুৰিত বৰযাত্রীৰ ওপৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তৰ এই আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে।

উল্লেখ্য যে, নিশা বিয়া ঘৰৰ পৰা বৰযাত্রীসকলে উভতাৰ পথত কচুৱা সোণাৰুগুৰিৰ দলংত সংঘটিত হয় এই ঘটনা। এটা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে প্ৰথমে বৰযাত্ৰীৰ গাড়ী ৰখাই বাক-বিতণ্ডাত লিপ্ত হয়।

তাৰ পাছতে এই চাৰি জনীয়া দুৰ্বৃত্তৰ দলটোৱে বৰযাত্ৰীসকলৰ কেইবাজনকো আক্ৰমণ কৰে। বৰযাত্ৰী দলটোৱে অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোৱে মাধৱপাৰাৰ চিৰাজুল ইছলাম,শ্বাহকামাল,দিলদাৰ হুছেইন আব্দুৰ ৰো, মজিবুৰ ৰহমানক আক্ৰমণ কৰি সোণৰ আ অলংকাৰ আৰু ২০ হাজাৰ টকা কাঢ়ি নিয়ে।

এই সম্পৰ্কত ভুক্তভোগীয়ে নিশাই কচুৱা থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। দুৰ্বৃত্তৰ দলটোত থকা চাৰি দুৰ্বৃত্তৰ ভিতৰত ৩ জনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। বৰাযাত্ৰীসকলৰ ভাষ্য অনুসৰি দুৰ্বৃত্তৰ দলটোৰ তিনি সদস্য আছিল ক্ৰমে বাহাৰুল ইছলাম, কুদ্দুজ আলী, আকতাৰুল ইছলাম। এই তিনিওজনৰ নামেই এজাহাৰত সন্নৱিষ্ট কৰা হৈছে।