নগাঁও

ৰঙালীৰ উচাহত বিলীন বটদ্ৰৱাৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতিটো লোক কৃষ্টি সংস্কৃতি, লোক পৰম্পৰাৰ সৈতে নিবিড়ভাৱে সম্পৃক্ত হোৱাকৈ সময়ে সময়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনে লোক পৰম্পৰা ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শনিবাৰে বিদ্যালয়ৰ চোতালত অনুষ্ঠিত কৰা হয় "ব'হাগৰ এদিন" শীর্ষক উৎসৱ।

এদিনৰ বাবে শিক্ষক শিক্ষাৰ্থীৰ প্ৰভেদ নাৰাখি প্ৰাণৰ ৰঙালীক প্ৰাণভৰি উদযাপন কৰাৰ এক মনোজ্ঞ অনুষ্ঠানত বিধৌত হয় বিদ্যালয় প্ৰাঙ্গন। পুৱা বিদ্যালয়ৰ অধ্যক্ষ জোনাইদ আহমেদে অনুষ্ঠানৰ শুভাৰম্ভ কৰি অসমীয়া জাতীয় সংস্কৃতি বিহুৰ তাৎপৰ্য ইতিহাস সম্পৰ্কে মত প্ৰকাশ কৰে। পাছত শিক্ষক ঘনজিৎ কুমাৰ নাথে বন্তি প্ৰজ্বলন কৰাৰ লগে লগে শিক্ষক সকলে বিহু হুঁচৰি পৰিবেশন কৰে। পাছত প্ৰনামিকা কছাৰী, দিশা বৰুৱা, জান্নাতুল ৰহমান, জেনিফাৰ ৰহমানৰ দলৰ বিহু নৃত্যৰে মুখৰিত হয়।

বিদ্যালয়ৰ সমসাজ এৰি জাতীয় সাজেৰে উদ্ভাসিত হৈ শিক্ষক-শিক্ষাৰ্থীসকলো একাত্ম হৈ বিদ্যালয় প্ৰাঙ্গনত ঢোল-তাল-গগনাৰ সুৰে সুৰে নাচি বাগি ৰঙালীৰ উচাহত বিলীন হৈ যায়। শ্ৰেণীকোঠা এৰি লোক সংস্কৃতি পৰম্পৰাৰ মাজত বিলীন হৈ শিক্ষক-শিক্ষাৰ্থী সকলোৱে সুদীর্ঘ সময়ধৰি ৰঙালীৰ উচাহত লীন যোৱা পৰিলক্ষিত হ'ল। সাক্ষী হৈ ৰ'ল অভিভাৱক, সংস্কৃতি প্ৰেমী অতিথিসকল।

অনুষ্ঠানটিত অতিথি ৰূপে অংশগ্ৰহণ কৰি সাংবাদিক দিব্যজ্যোতি বৰুৱাই "লোক পৰম্পৰা আৰু জাতীয় ঐতিহ্য ধৰি ৰখাৰ এই ধাৰাবাহিকতাই শিক্ষাৰ্থীসকলক সংস্কৃতিবান কৰি ৰখাত উদগনি যোগাই আহিছে" বুলি মন্তব্য কৰে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিনা নীলাক্ষি ভাৰতীয়ে আঁতধৰা এই অনুষ্ঠানত বিদ্যালয়ৰসমূহ বিদ্যাৰ্থী শিক্ষক কৰ্মচাৰীয়ে এদিনৰ বাবে লোক পৰম্পৰাত বিলীন হৈ ঐক্য সম্প্ৰীতিৰ বাণী বিলাই বিয়লি এই অনুষ্ঠানৰ সফল সামৰণি মাৰে।

শেষত বিদ্যালয়ৰ তৰফৰ পৰা অসমীয়া লোক সংস্কৃতিৰ সোপান তিল পিঠা ,ঘিলা পিঠা, লাড়ু চিৰা দৈৰ অপূৰ্ব জুতিৰে অভ্যাগতক আপ্যায়ন কৰে। অনুষ্ঠানটিত অতিথি ৰাজীৱ ৰাজখোৱাৰ লগতে লীনা শইকীয়া, পূজা শইকীয়া, চিবি কেওট, কুকিল শইকীয়া, সীমা শইকীয়া, ৰঞ্জন নাথ, কাবেৰী সেন, মিজানুৰ ৰহমান, ফৰিদা ইয়াচমিন, দীপাঞ্জলী দাস, হেমন্ত বৰুৱাকে আদি কৰি শিক্ষকবৃন্দই অংশ গ্ৰহণ কৰে।