নগাঁও

কলংভেলী হাইস্কুলত ৰঙালী বিহুৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ ৰঙাগড়া হুজ শংকৰ নগৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংভেলী হাইস্কুলৰ উদ্যোগত হাইস্কুলখনৰ বাকৰিত শনিবাৰে উলহ-মালহৰে বাপতি সাহোন ৰঙালী বিহু উৎসৱটি অনুষ্ঠিত হয়।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা বিহু নৃত্য, জেং বিহু, গীত আদিয়ে উপস্থিত সকলোকে উৎফুল্লিত কৰি তুলে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক চাইদুৰ ৰহমান প্ৰমুখ্যে বিদ্যালয় পৰিয়ালে এনে কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক অগ্ৰগতিৰ লগতে সাংস্কৃতিক চেতনাকো জাগ্ৰত কৰি তোলাৰ প্ৰয়াসক অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰসংশা কৰে।

আজিৰ কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট লেখিকা ৰাবিয়া খানম, অভিনেতা ৰিতু মেধি, ৰঙাগড়া হুজ কিচামৰ চৰকাৰী গাঁও প্ৰধান দিপু দাস, স্থানীয় সমাজ সেৱক গোলাপ বৰা উপস্থিত থাকে।