মাজগাঁও জগজ্যোতি সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত ৰঙালী বিহু উৎসৱ উদযাপন... 
নগাঁও

মাজগাঁও জগজ্যোতি সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত ৰঙালী বিহু উৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাজগাঁও জগজ্যোতি সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা ৮বজাত জগজ্যোতি সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰমোদ শৰ্মাই সংঘৰ পতাকা উত্তোলন কৰে আৰু বিহুৰ পতাকা উত্তোলন কৰে নাট্যকাৰ অনিল শৰ্মাই।

পাছত ১০ বজাত সংঘৰ নতুন স্থায়ী গৃহ উন্মোচন কৰে হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰলীয়ে। পুৱা১১বজাৰ পৰা চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

নিশা ৯ বজাত " চিনাকি সুৰৰ লহৰ" শীৰ্ষক সংগীতানুষ্ঠানত উদীয়মান কন্ঠশিল্পী আফজল, অৰ্পণ আৰু কৃষ্টিকণ্যাৰ গীতৰ লহৰে উপস্থিত সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। ইফালে কাইলৈ ৬ মে'ৰ নিশা সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি জানিব দিছে উদ্যোক্তা সকলে।