নগাঁও

বজ্ৰপাতত মৃত্যু হোৱা মৃতকৰ পৰিয়ালৰ কাষত বিধায়ক ৰূপক শৰ্মা...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰাকৃতিক দুৰ্যোগ বজ্ৰপাতত যোৱা ২৫ জুনত নগাঁৱৰ ৰণথলী ৰজাভেটি গাঁৱত মৃত্যুক সাৱটি লোৱা দুই ভাতৃ যুগল বৰা আৰু নৱদ্বীপ বৰাৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় নগাঁও -বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়কগৰাকীয়ে মৃতকৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী ভাতৃৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

লগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যুক সাৱটি লোৱা দুইগৰাকী যুৱকৰ পৰিয়ালক চৰকাৰীভাৱে লাভ কৰিবলগীয়া ক্ষতিপূৰণৰ সাহায্য হিচাপে ৪ লাখ টকাকৈ সৰ্বমুঠ ৮ লাখ টকাৰ চেক প্ৰদান কৰে। ইপিনে দুটা দিনৰ ভিতৰতে সদ্যপ্ৰয়াত যুৱক দুগৰাকীৰ পৰিয়ালক মৃত্যুৰ ক্ষতিপূৰণ মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই। মৃতকৰ পৰিয়ালক চেক প্ৰদানৰ সময়ত বিধায়ক শৰ্মাৰ সৈতে উপস্থিত থাকে নগাঁও ৰাজহ চক্ৰ বিষয়া কে ইষান সিংহ ।