বটদ্ৰৱাৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীক ৰূপক শৰ্মাৰ সাহায্য বিতৰণ... 
নগাঁও

বটদ্ৰৱাৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীক ৰূপক শৰ্মাৰ সাহায্য বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত যোৱা ২৭ ডিচেম্বৰৰ নিশা সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ১৩ খনকৈ দোকান ভস্মীভূত হৈছিল। পৰবৰ্তী কালত ১ জানুৱাৰীত নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উক্ত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটিৰ কাষত উপস্থিত হৈছিল।

বিধায়ক ৰূপক শৰ্মা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আজি উক্ত ১৩ টা ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। বটদ্ৰৱা থানৰ সমীপত দুৰ্দশাগ্ৰস্ত পৰিয়াল কেইটিক প্ৰতিজনকে ব্যক্তিগত ভাবে ১০ হাজাৰ টকাকৈ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই-আমি ৰাইজৰ বিপদে আপদে সকলো সময়তে কাষত থাকিব বিচাৰো। উক্ত ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাই সৰু সৰু ব্যৱসায় কৰি নিজৰ পৰিয়লটি পোহপাল দি আহিছিল।

অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ মৰ্ম বেদনা মই উপলব্ধি কৰিছিলো বুলিও মন্তব্য কৰে। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাইয়ো আজি এই সাহাৰ্য্য প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই মৰম আৰু শ্ৰদ্ধাৰে আগবঢ়োৱা আৰ্থিক সাহাৰ্য্যৰ মহানুভৱতাক শলাগ লয়।

ইফালে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা উপস্থিত হয়। দুয়োগৰাকী নেতা গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ কীৰ্ত্তনঘৰত আশীষ গ্ৰহণ কৰে।

সাংসদগৰাকীয়ে অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ আধ্যাত্মিক পৰিবেশত বটদ্ৰৱা থান দৰ্শন কৰি উৎফুল্লিত হৈ পৰে। বটদ্ৰৱা থান দৰ্শনৰ পিছতেই পোনে পোনে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰত উপস্থিত হৈ ২৭ ডিচেম্বৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰে।

উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাবাসী ৰাইজৰ দুখৰ সময়ত কাষত থিয় হৈ ৰাইজৰ বুজ লোৱাত ক্ষতিগস্থ ব্যৱসায়ীসকলক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাত বিধায়ক ৰূপক শৰ্মাক নতশিৰে সেৱা কৰাৰ লগতে বিধায়িকা শিৱা মনি বৰাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে। কাৰণ বটদ্ৰৱাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছতো আজিলৈকে বিধায়িকা শিৱা মনি বৰাই খবৰ ল'বলৈ আহৰি নেপালে বুলি প্ৰকাশ কৰে।

সেয়ে বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰে বটদ্ৰৱাবাসী ৰাইজে বিধায়িকা শিৱা মনি বৰাৰ বিৰুদ্ধে। বিধায়িকা শিৱা মনি বৰাক নিৰ্বাচনত আমি ভোট দিছিলো কিন্ত আজি বিধায়িকাগৰাকী আমাৰ কাষত নাই। আমাক ধন টকা পইচা দিব নালাগে বিপদৰ সময়ত তেওঁ মুখৰ মাত দিবলৈয়ো নাহিল বুলি ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে আকাশীগংগাৰ তীৰত থকা মনিহাৰী সামগ্ৰী, ফটো, চাহৰ দোকান, কিতাপ, পুতলা, কাপোৰ, নৈবেদ্য প্ৰসাদৰ দোকান সহ ১৩ খন দোকান ভস্মীভূত হৈছিল।