চলচলিৰ বিশিষ্ট অভিনেতা,সমাজ কৰ্মী হৰেন পঞ্চাননৰ মৃত্যুত শোক... 
নগাঁও

চলচলিৰ বিশিষ্ট অভিনেতা,সমাজ কৰ্মী হৰেন পঞ্চাননৰ মৃত্যুত শোক...

সাহিত্য সভা, নাট্য সন্মিলনৰ শোক

Asomiya Pratidin

ডিজিটেল সংবাদ,বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ৰঙীয়া গাঁৱৰ বাসিন্দা অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী হৰেন পঞ্চানন(৭৪)ৰ আজি পুৱা ১০-২০ বজাত হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হয়। সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড়ভাবে জড়িত পঞ্চাননৰ মৃত্যুত বৃহত্তৰ চলচলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

আজি তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসভৱনত বহু গুণমুগ্ধই ভিৰ কৰেহি। এসময়ৰ বলিষ্ঠ অভিনেতা পঞ্চাননে বহুকেইখন থিয়েটাৰ নাটক আৰু অংকীয়া ভাওনাত অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে চলচলি সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতি আৰু চলচলি প্ৰাথমিক ব্ৰাহ্মণ সমাজৰো সক্ৰিয় সদস্য পঞ্চাননে চলচলি দুৰ্গোৎসৱৰ মাৰ্বলৰ প্ৰতিমাৰ পূজাৰ উত্তৰণত বলিষ্ঠ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুত অসম সাহিত্য সভাৰ চলচলি শাখাৰ সভাপতি, সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী, সম্পাদক দিগেন গায়নে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসম নাট্য সন্মিলনৰ চলচলি শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি,অভিনেতা নগেন শইকীয়াই গভীৰ শোক প্ৰকাশ কৰে। আনহাতে চলচলি সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ লগতে চলচলি প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়া সকলো পঞ্চাননৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ মাতৃ,পত্নী,জী, জোঁৱাই, ভাতৃ,ভগ্নী,জোঁৱাই ইহ সংসাৰত এৰি থৈ যায়।