নগাঁও

লোকেলোকাৰণ্য ঐতিহ্যমণ্ডিত চম্পাৱতী জলপ্ৰপাত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উদুলি-মুদুলি নগাঁৱৰ চম্পাৱতীৰ পদুলি । আৰম্ভ হৈছে মহাকুণ্ডমেলা । শুকুৰবাৰে পুৱাৰে পৰা লোকেলোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত নগাঁৱৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাত।

লোকবিশ্বাস অনুসৰি ৰজা হংসধ্বজৰ পত্নী ৰাণী প্ৰভাৱতীৰ চকুলোৰে সৃষ্ট চম্পাৱতী কুণ্ডত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ-ব্যাধি দূৰ হয় বুলি লোকবিশ্বাস আছে । চলি অহা প্ৰবাদ মতেই নগাঁও চহৰৰ পৰা প্ৰায় ২৫কি:মি: নিলগত অৱস্থিত পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপূৰ চাপানালাৰ চম্পাৱতী কুণ্ডত পুৱাৰে পৰা ভিৰ কৰিছে অজস্ৰজনে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মেলাস্থলীত এতিয়া উখল-মাখল পৰিৱেশ ।

হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা নগাঁৱৰ চাপানালা চম্পাৱতী কুণ্ডত অজস্ৰজনে চম্পাৱতীৰ বুকুত স্নান কৰি আৰ্শীবাদ লোৱাৰ লগতে আন একাংশই আকৌ পৰিয়ালৰ সৈতে লগে-ভাগে এসাজ খাই উপভোগ কৰিলে মহাকুণ্ডমেলা।

আনহাতে হাজাৰ হাজাৰ লোকৰ আতিথ্যত ব্যস্ত হৈ থকা মেলা উদযাপন সমিতিয়ে ৰাইজৰ বাবে সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰিছে।