সাংবাদিক নীলাভ হাজৰিকাৰ মৃত্যুত নগাঁৱত শোক...  
নগাঁও

সাংবাদিক নীলাভ হাজৰিকাৰ মৃত্যুত নগাঁৱত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ পুৰণিগুদাম মুঢ়ানি গাঁৱৰ নিবাসী উদীয়মান সাংবাদিক নীলাভ হাজৰিকা(৪১)আজি দুপৰীয়া গুৱাহাটী জি এম চি এইছত মৃত্যু হয়।কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা নীলাভ হাজৰিকাৰ মৃত্যুত পুৰণিগুদামৰ লগতে নগাঁও সংবাদ মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

নতুন দিন কাকতৰ সাংবাদিক হিচাপে সাংবাদিকতা আৰম্ভ কৰা হাজৰিকাই দৈনিক জনমভূমি কাকতৰ চামগুৰিৰ সাংবাদিক হিছাপে সংবাদ সেৱা আগবঢ়োৱাৰ উপৰিও প্ৰতিদিন টাইমৰ চামগুৰিৰ সাংবাদিক হিছাপেও কিছুদিন সংবাদ সেৱা আগবঢ়াইছিল।সাংবাদিকতাৰ ক্ষেত্ৰত অতি অভিজ্ঞ এইগৰাকী সাংবাদিকে নগাওঁ চহৰৰ পৰা সাংবাদিকতা কৰাৰ উপৰিও ডিফু,পুৰণিগুদাম, চামগুৰি আদিৰ পৰাও সংবাদ সেৱা আগবঢ়াইছিল।

শেহতীয়াকৈ কেইবাটাও প'ৰ্টেলত কাম কৰি থকা নীলাভ হাজৰিকাই কিছুদিন ধৰি অসুস্থ হৈ থকাৰ লগতে যোৱা ২৭ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল। হাজৰিকাৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাব, পুৰণিগুদাম প্ৰেছ ক্লাৱ,বঢ়মপুৰ প্ৰেছ ক্লাৱ,চামগুৰি প্ৰেছ ক্লাৱ, চামগুৰি ইলেকট্ৰনিক মিডিয়া এছচিয়েচন,আপকুৰ নগাঁও জিলা সমিতি, বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতি,সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিকে ধৰি সাংবাদিক সংগঠন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। হাজৰিকাই মৃত্যুৰ সময়ত পত্নী, পিতৃ, মাতৃক ইহ সংসাৰত এৰি থৈ যায়।