নগাঁও

থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ ৯ম বাৰ্ষিক সাধাৰণ সভা

"গুৰুজনাই জাতিটোক দেখুবাই যোৱা অৰ্থনৈতিক বিপ্লৱেৰে আমি আজি আগুৱাই যাৱ লাগিব": পদাধিকাৰ ডেকা

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ব্ববৃহৎ ধর্মীয়-সামাজিক অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘই সঙ্ঘৰ সকলো সঙ্গীকে আর্থিক দিশত সবল কৰাৰ মূল উদ্দেশ্যে অসম চৰকাৰৰ সমবায় বিভাগৰ দ্বাৰা “অসম ০৩ অফ্ ২০১৪-১৫ তাৰিখ ১১ ফেব্ৰুৱাৰী ২০১৫” নম্বৰত ৰাজ্যিক ভিত্তিত পঞ্জীয়ন লাভ কৰি “শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ'চাইটি লিমিটেড” নামেৰে এটা বিত্তীয় অনুষ্ঠানৰ জন্ম দিয়ে। শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্ব্বাহক সভাৰ অনুমোদন সাপেক্ষে আৰু অসম সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰামৰ্শ অনুযায়ী শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সকলো সঙ্গীকে এই সমিতিৰ অংশীদাৰ কৰোৱা, অংশীদাৰ সকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়িতোলা, ব্যৱসায় বাণিজ্যৰ দ্বাৰা সমিতিৰ পুঁজি উন্নয়ন ঘটোৱাৰ লগতে ইতিমধ্যে অংশীদাৰসকলৰ আর্থিক উন্নয়ন বাবে চ'চাইটিৰ ঋণ নীতি আধাৰত বিভিন্ন শিতানত ২৬টা শাখাৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ থ্রিট এণ্ড ক্রেডিট কোঃ অপাৰেটিভ চ’চাইটি লিমিটেডে ১১ ফেব্ৰুৱাৰী ২০১৫ত পঞ্জীয়ন লাভ কৰি সূচাৰুৰূপে ৮টা বছৰ অতিক্ৰম কৰিছে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ থ্রিটফ এণ্ড ক্রেডিট কো-অপাৰেটিভ চ'চাইটি লিমিটেডৰ দেওবাৰে নৱম বার্ষিক সাধাৰণ সভা অনুস্থিত হয়। সভাখনিত সভাপতিত্ব কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চ’চাইটিৰ লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই ৷ এই বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, প্রধান সম্পাদক কুশল ঠাকুৰীয়া, যুটীয়া সম্পাদকদ্বয় দেৱঞ্জন বৰা, দিলীপ বৰা, চচাইটিৰ উপাধ্যক্ষ সদানন্দ বৈশ্য, প্রমূখ্যে সঞ্চালকসকল-আইমাতৃসকল, নগাঁও সমবায় সমিতি সমূহৰ উপ-পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী, বিভাগীয় পর্যবেক্ষক বকুল বৰা, অংশীদাৰীত্ব বাপ-আই, সংগ্ৰাহক আৰু বিষয়া-কৰ্মচাৰীবৃন্দ।

চ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সভাখনি উদ্ধোধন কৰি ভাষণ প্ৰসংগত কয়- শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত এই চ’চাইটিখন গঢ়ি তোলা হৈছে ৷ বহু অসমীয়া মানুহে সঞ্চয়ৰৰ প্ৰতি আগ্ৰহী নহয় ৷ চ’চাইটিখনৰ পৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাপ-আইমাতৃসকলক ঋণ ল'বলৈ জনাই তেওঁ লগতে কয় যে, অৱশ্যে ঋণ ল'বলৈ কাকো সহজলভ্য কৰিব নালাগে ৷ তেওঁ সকলোকে চ’চাইটিখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ভাষণ প্ৰসংগত কয়- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাই জাতিটোক অৰ্থনৈতিক বিপ্লৱৰ পথ দেখুৱাই গৈছিল ৷ আজি আমি গুৰুজনাৰ আদৰ্শই যি অৰ্থনৈতিক আদৰ্শৰ বাট বুলিব লাগিছিল সেয়া আমি কৰিব পৰা নাই ৷ আজি আমাৰ জাতিটো অৰ্থনৈতিক ভাৱে বহু পিছ পৰি ৰৈছো ৷"

সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলেও ভৱিষ্যতে চ’চাইটিৰ উন্নয়নৰ সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায় ৷ এই সাধাৰণ সভাতে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ সৰ্ব্বাঙ্গীন উন্নয়নৰ বাবে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ নৱম বাৰ্ষিক সাধাৰণ সভাতে পৰিচালন সঞ্চালকৰ প্ৰতিবেদন পাঠকৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ লিমিটেডৰ পৰিচালন সঞ্চালক মমতা বৰকাকতী, আৰু ২০২২-২৩ বিৰ্ত্তীয়বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ হিচাপ দাখিল কৰে তোষেশ্বৰ বৰাই। সাধাৰণ সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশনেৰে মঞ্চ মুকলি কৰে মৰিগাঁও জনাদন কলিতাই ৷

উল্লেখ্য সাধাৰণ সভাত ৰাজ্যৰ ২৬ জিলাৰ ২৬ টা শাখাৰ পৰা অহা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ভৱেন বৰদলৈয়ে। আনহাতে বৰ্তমান চচাইটিখনে ১৮, ৮৯, ৮১, ৪৮৮, ৭৮ টকা বিত্তীয় লেনদেন কৰি আছে। অন্যহাতে এপেক্স বেঙ্ক নগাঁও শাখাত ৪, ২৪,৪২,৩৫৪ টকা আৰু ভাৰতীয় ষ্টেট বেঙ্ক হয়বৰগাওঁ শাখাত ৩,৮৮,৮৪,৪৭৫ টকা স্থায়ী জমা আছে আছে বুুলি বাৰ্ষিক সাধাৰণ সভাত চ’চাইটিৰ সঞ্চালক মমতা বৰকাকতীয়ে উল্লেখ কৰে ৷ এই সভাতে চ’চাইটিৰ লাভৰ মুঠ অংশৰ পৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মূল কাৰ্যালয়লৈ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ হাতত ২লাখ টকাৰ এখন চেক প্ৰদান কৰে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই ৷