নগাঁও

বটদ্ৰৱাত "সপোনৰ ৰাজআলিত সেউজীয়া দলিচাত এখোজ" শীৰ্ষক প্ৰকল্পৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও চহৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানলৈ অহা পথটি কৃষ্ণচূড়া, ৰাধাচূড়া গছৰ সেউজীয়া আবেষ্টনী মাজেৰে দূৰদূৰণিৰ তীৰ্থযাত্ৰী, ভক্তপ্ৰাণ ৰাইজক আদৰনি জনোৱাৰ সপোনেৰে দেওবাৰে এক প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। "সপোনৰ ৰাজআলিত সেউজীয়া দলিচাত এখোজ" শীৰ্ষক উক্ত প্ৰকল্পৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

নগাঁও চহৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ পথৰ ধিং গেটত এটি গছপুলি ৰোপণ কৰি উক্ত প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। পাছত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া ৰাজহুৱা মঞ্চত "সপোনৰ ৰাজআলিত সেউজীয়া দলিচাত এখোজ" শীৰ্ষক প্ৰকল্পৰ শুভাৰম্ভ উপলক্ষে পৰিৱেশ সুৰক্ষা আৰু সজাগতা সভা অনুষ্ঠিত হয়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা পৰিৱেশ সুৰক্ষা আৰু সজাগতা সভাত মুখ্য অতিথি বিধায়ক ৰূপক শৰ্মাই "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ দূৰদূৰণিৰ তীৰ্থযাত্ৰী সকলৰ আগমন ঘটে। বৰ্তমান তাত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম শীঘ্ৰেই শেষ হব। এই প্ৰকল্প মুকলি হোৱাৰ পাছত ৰাজ্যৰে নহয় বহিঃৰাজ্য আৰু বিদেশৰো পৰ্যটক সকলৰ আগমন ঘটিব। এইসকল তীৰ্থযাত্ৰী, পৰ্যটক আহিবলগীয়া মূল পথটিৰ দুয়োপাৰে কৃষ্ণচূড়া, ৰাধাচূড়াৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজেৰে সেউজীয়া দলিচাৰে আদৰাৰ সপোনৰে আজি এই প্ৰকল্প আৰম্ভ কৰিছোঁ। এই প্ৰকল্প বৰ্ষজুৰি চলিব।" বুলি ভাষন প্ৰদান কৰে।

অমৃত বৃক্ষ আঁচনিৰ লগত সংগতি ৰাখি আৰম্ভ কৰা এই প্ৰকল্পৰ সজাগতা সভাখনিত সভাপতিত্বত কৰে ৰাইডঙীয়া ৰাজহুৱা মঞ্চ পৰিচালনা সমিতিৰ সভাপতি নৱ কমল ৰাজাই আৰু উদেশ্য ব্যাখ্যা কৰে শিক্ষক তথা পৰিৱেশ কৰ্মী বোধেন চন্দ্ৰ বৰাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে "অমৃত বৃক্ষ আঁচনিৰ অধীনত আমি নগাঁও জিলাত ৬ লাখ গছ পুলি ৰোপন কৰিম। আৰু এই গছ সমূহে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।" বুলি মন্তব্য কৰে।

সভাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, নগাঁও জিলা বন বিষয়া সুহাস কদমকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে। নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বীৰবল ব্ৰহ্ম, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণকান্ত শইকীয়া, নগাঁও জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ চক্ৰৱৰ্তী, নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা প্ৰনৱ কুমাৰ নাথ, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰলী, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লগতে সমাজকৰ্মী ৰোহিনী বৰা, নয়ন জ্যোতি গোস্বামী, উৎপল গোস্বামী, বিদ্যুত হাজৰিকা, শংকৰজ্যোতি শৰ্মা, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰা, আইভেটি পঞ্চায়তৰ আঞ্চলিক সদস্যা কল্পনা বৰা, ৰাইডঙীয়া পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাঞ্জল দাসকে আদি কৰি পাঁচ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰে।