নগাঁও

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত বৃত্তি পৰীক্ষা ফলাফল ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত অনুষ্ঠিত ২০২৩-২৪ বৰ্ষৰ বৃত্তি পৰীক্ষা ফলাফল বুধবাৰে ঘোষণা কৰা হয়। নগাঁও জিলা জাতীয় বিদ্যালয়ৰ ৫ম আৰু ৮ম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত জিলাখনৰ ৪২ খন জাতীয় বিদ্যালয়ৰ মুঠ ৪৫৫ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল।

উল্লেখ্য যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬টা কেন্দ্ৰত এই বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৩১ মাৰ্চত। তাৰেই ফলাফল আজি ৮ মে'ৰ দিনা ঘোষণা কৰা হয়। পৰীক্ষাৰ ফলাফল অনুসৰি জিলাখনৰ শীৰ্ষ নম্বৰ প্ৰাপ্ত ১০ টা স্থানত ৫ম শ্ৰেণীৰ হৈ ২৬ জন আৰু ৮ম শ্ৰেণীৰ ১৪ জন মিলি মুঠ ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হয়।

জিলাৰ ভিতৰত ৫ম শ্ৰেণীৰ জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ পৰা ৰেখাৰাণী কলিতাই প্ৰথম স্থান আৰু ৮ম শ্ৰেণীৰ জাৰামাৰী জাতীয় বিদ্যালয়ৰ পৰা জেৰিফা খাতুনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই ফলাফল সন্দৰ্ভত সকলো তথ্য নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুনীল কুমাৰ বৰা, সচিব ৰাকিব উদ্দিন আহমেদ আৰু পৰীক্ষা নিয়ন্ত্ৰক দিলীপ চন্দ্ৰ বৰাই উল্লেখ কৰে।