নগাওঁ জিলাৰো শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় সলনি... 
নগাঁও

নগাওঁ জিলাৰো শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় সলনি...

পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব পাঠদান

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ সমগ্ৰ ৰাজ্য খনৰ লগতে নগাঁও জিলাটো প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ নিৰ্দেশ মৰ্মে পাঠদানৰ সময়সূচী সলনি কৰিছে।

তাৎক্ষনিক ভাবে বলবৎ হোৱাকৈ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি অহা সোমবাৰৰ পৰা বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়া লৈকে এই ধৰণেই পাঠদান চলি থাকিব। তাৰোপৰি বিদ্যালয়সমূৰ প্ৰাতঃসভা মুকলি আকাশৰ তলৰ পৰিবৰ্তে শ্ৰেণী কোঠাত সম্পন্ন কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে।

বিদ্যালয়সমূহত খোৱা পানীৰ সু-ব্যৱস্থা, ফেনৰ ব্যৱস্থাও কৰিবলৈ কোৱা হৈছে। যদি পাঠদানৰ সময়ত বিদ্যুতৰ সংযোগ ব্যাহত হয় তেনে বিকল্প ব্যৱস্থাও কৰিবলৈ কোৱা হৈছে।