নগাঁও

ৰহাত চাঞ্চল্যকৰ ঘটনা : বনকৰা কিশোৰে ল'লে চৰম সিদ্ধান্ত...

Asomiya Pratidin
  • ৰহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

  • আত্মহননৰ পথ ল'লে এজন বনকৰা কিশোৰে।

  • কিশোৰজনৰ বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে।

  • ৰহাৰ গড়মাৰিৰ জয়ন্ত বৰুৱাৰ ঘৰত প্ৰায় ৮ বছৰ ধৰি বনকৰা ল'ৰা হিচাপে আছিল কিশোৰগৰাকী আৰু তেঁওৰ জ্যেষ্ঠ ভগ্নী।

  • নিহত কিশোৰজনৰ ঘৰ পশ্চিম কাৰ্বি আংলংৰ দোৰুংত বুলি জানিব পৰা গৈছে।

  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষী।

  • বৰ্তমানলৈ জানিব পৰা নাই আত্মহত্যাৰ কাৰণ।