কলিয়াবৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা চোৰাং কাঠ জব্দ... 
নগাঁও

কলিয়াবৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা চোৰাং কাঠ জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ বৰঘুলি পথাৰত লুকুৱাই ৰখা অৱস্থাত শুকুৰবাৰে বন বিভাগে বুজন পৰিমাণৰ চোৰাং কাঠৰ ফান্টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জখলাবন্ধা বন বিভাগৰ সহযোগত শিলঘাট খণ্ড বন বিষয়াৰ অভিযানত জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য প্ৰায় অৰ্ধ-লক্ষাধিক টকা ।

জানিব পৰা মতে কোনো দুষ্কৃতিকাৰীয়ে বৰঘূলিৰ এখন পথাৰত লুকুৱাই ৰাখিছিল কাঠখিনি। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা বুজন পৰিমাণৰ চোৰাং কাঠখিনি কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ কৰিছে বন বিভাগে।

পাছত কাঠখিনি জব্দ কৰি লৈ অনা হয় শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ। চৌদিশে বন বিভাগৰ লোকে পিয়াপি দি থকাৰ পাছতো এনেদৰে চোৰাং কাঠৰ সৰবৰাহ হোৱাতো ৰহস্য জনক বুলি ৰাইজে অভিযোগ তুলিছে।