নগাঁও

কামপুৰত নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : দেওবাৰে কামপুৰৰ কাকতিগাঁও তিনিআলিত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি কাকতি গাওঁ আঞ্চলিক আমছু আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহৰ ঘটনাৰে জড়িত লোকজনৰ নাম ফকৰুল ইছলাম। ধৃত ফকৰুলৰ ঘৰ নগাঁও জিলাৰ কচুৱাত। অৱশ্যে তেঁও কাকতিগাঁও ৰে'লগে'টত নিজৰ ভনীয়েকৰ ঘৰত থাকে বুলি জানিব পৰা গৈছে।

ধৃত ফকৰুলে কামপুৰৰ শালমাৰাৰ পৰা ১৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ লৈ আহি থকা অৱস্থাত আটক কৰে। ইতিমধ্যেই ঘটণাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ ফকৰুল ইছলামক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।