নগাঁও

আনন্দৰাম ঢেকিয়ালফুকন মহাবিদ্যালয়ত গোটা আৱৰ্জনা ব্যৱস্থাপনা-কেঁচুসাৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়ালফুকন মহাবিদ্যালয়ত বিগত ২০ আৰু ২১ মে' তাৰিখে গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু কেঁচুসাৰ সম্পৰ্কীয় এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ Environment education Program Mission Life in Assamৰ অংশৰূপে ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰনালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ ইক' ক্লাৱ, আভ্যন্তৰীণ মান নিৰূপণ কোষ, NCC আৰু NSSৰ যৌথ উদ্যোগত আয়োজিত কৰা হয় কৰ্মশালাখন। উক্ত কৰ্মশালাত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

২০ মে'ৰ পুৱা বৃক্ষৰোপণেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষ ডঃ সদানন্দ পায়েঙে এইধৰণৰ কৰ্মশালাৰ গুৰুত্ব আৰু মহাবিদ্যালয়খনে কৰি অহা কামৰ খতিয়ান দাঙি ধৰে৷ মহাবিদ্যালয়খনৰ ইক' ক্লাৱৰ সমন্বয়ক ডঃ মৌচমী শইকীয়াই আঁত ধৰা উক্ত কৰ্মশালাখনিত সমল ব্যক্তিৰূপে উপস্থিত থাকে নগাঁও কৃষি গৱেষণা কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ দ্বিপেন চন্দ্ৰ নাথ আৰু ডঃ অনিমেশ ডেকা। তেওঁলোকে উক্ত কৰ্মশালাত অংশ লৈ কেঁচুসাৰৰ উপযোগিতা, প্ৰস্তুত প্ৰণালী আৰু ইয়াৰ লগত জড়িত পৰিৱেশ সম্পৰ্কীয় দিশবোৰৰ বিতং ব্যাখ্যা আগবঢ়ায়৷

স্বাস্থ্য সন্মত কৃষিজাত খাদ্য উৎপাদন আৰু আৰ্থিক লাভালাভত কেঁচুসাৰৰ উপযোগিতা সম্পৰ্কেও শিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়৷ উক্ত দিনাৰ তৃতীয়খন সত্ৰত সমল ব্যক্তিৰূপে ভাগ লয় নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ জিনামণি শাণ্ডিল্যই৷ দ্বিতীয় দিনা গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে বায়'টেক পাৰ্ক, গুৱাহাটীৰ জেষ্ঠ্য বিজ্ঞানী ডঃ বুলা চৌধাৰী আৰু ডঃ ৰাজীৱ চন্দ্ৰ গোস্বামী, নগাঁও মহাবিদ্যালয়(স্বায়ত্ত্বশাসিত)ৰ উদ্ভিদবিদ্যা বিভাগৰ সহযোগী অধ্যাপক ডঃ ফৰিস্তা য়াচমিন, আনন্দৰাম ঢেকিয়ালফুকন মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহঃ অধ্যাপক ডঃ লক্ষ্মী কুমাৰী সিং আৰু ফেশ্বন টেকন'লজী বিভাগৰ সহঃ অধ্যাপক মীনাক্ষী বৰাই৷

আৰম্ভণিতে Environment Education Programৰ অধীনত বহনক্ষম আৰু আবৰ্জনামুক্ত চৌহদ সম্পৰ্কীয় সজাগতাৰ বিষয়ে পৰিচয় দাঙি ধৰে মহাবিদ্যালয়খনৰ ইক'কলাবৰ সমন্বয়ক ডঃ মৌচমী শইকীয়াই৷ গোটা আৱৰ্জনা কি, তাৰ বিভিন্ন প্ৰকাৰ, এই ধৰণৰ আবৰ্জনাই সৃষ্টি কৰা পৰিৱেশ আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ ল'ব লগা ব্যৱস্থা সম্পৰ্কে সমল ব্যক্তিসকলে দিনজোৰা কৰ্মশালাত শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ লগতে হাতে-কামে বিষয়টো বুজায়৷

একেদৰে প্লাষ্টিক আৱৰ্জনাই পৰিৱেশলৈ অনা প্ৰত্যাহ্বান, এনে আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ কৌশল আৰু আমাৰ কৰণীয় সম্পৰ্কেও সমল ব্যক্তিসকলে ব্যাখ্যা আগবঢ়ায়৷ আহাৰ গ্ৰহণৰ পাছত সমল ব্যক্তিসকলে গোটা আৱৰ্জনাৰ পৰা কেনেকৈ প্ৰাত্যহিক জীৱনত কামত অহা নানা সামগ্ৰী সাজিব পাৰি সেই বিষয়ে শিক্ষাৰ্থীসকলক হাতে কামে কৰি দেখুৱায়৷