সোণাপুৰৰ ট্ৰাইবেল ব্লকত বেদখল উচ্ছেদ অভিযান : নগাঁৱত বিজয় উৎসৱ পালন... 
নগাঁও

সোণাপুৰৰ ট্ৰাইবেল ব্লকত বেদখল উচ্ছেদ অভিযান : নগাঁৱত বিজয় উৎসৱ পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: সোণাপুৰৰ কচুতলিত ট্ৰাইবেল ব্লকত বেদখল উচ্ছেদ অভিযান চলোৱাত বিভিন্ন দল,সংগঠনৰ লগতে সচেতন মহলে আদৰণি জনাইছে। আজি সন্ধিয়া নগাঁও চহৰৰ জনজাতি জিৰণি চ'ৰাত কেবাটাও জনজাতীয় সংগঠনে বিজয় উৎসৱ পালন কৰে ।

সদৌ অসম ট্ৰাইবেল সংঘৰ নগাঁও জিলা সমিতি আৰু ট্ৰাইবেল য়ুথ লীগে এই বিজয় উৎসৱ পালন কৰে। বিজয় উৎসৱ পালন কৰাৰ সময়ত নগাঁও জনজাতি জিৰণি চ'ৰাত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।

তেওঁলোকে 'অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জনজাতি আৰু খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মা জিন্দাবাদ, অসমৰ ৪৭ টা ট্ৰাইবেল ব্লক,বেল্টৰ পৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰক, ট্ৰাইবেল বেল্ট, ব্লকৰ ভূমিত সন্দেহযুক্ত নাগৰিকৰ দাদাগিৰি নচলিব, সকলো খিলঞ্জীয়া এক হওক, জনজাতি ঐক্য জিন্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

সাহসেৰে কচুতলিত উচ্ছেদ চলোৱাৰ বাবে ট্ৰাইবেল সংঘ আৰু য়ুথ লীগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায়। সংগঠন দুটাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয় যে, গোপীনাথ বৰদলৈৰ দিনৰ পৰা অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বেদখলীকৃত ভূমি উচ্ছেদ কৰাৰ দাবী উত্থাপন হৈ আহিছে যদিও সেয়া হোৱা নাছিল।

এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সাহসেৰে উচ্ছেদ চলোৱাত তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও জিলাৰ আমচৈ ধিং ৰাতাবাৰী, বৰকছাৰী গাঁও, লুটুমাৰী, চহৰীয়া আৰু কলিয়াবৰৰ দুটা ট্ৰাইবেল বেল্ট ব্লকৰ বেদখল শীঘ্ৰে উচ্ছেদ কৰিবলৈ সংগঠন দুটাই চৰকাৰক দাবী জনায়। বিজয় উৎসৱত নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি দেবেন কুমাৰ বড়ো,সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদক উমানন্দ খাকলাৰী, বৰকছাৰী গাঁও ট্ৰাইবেল বেল্ট ব্লক ভূমি সুৰক্ষা সমিতিৰ সম্পাদক পুহত সিং টকবী, সদৌ অসম ট্ৰাইবেল ইয়ুথ লীগৰ নগাঁও জিলা সমিতিৰ সভাপতি অমৃত খাকলাৰী আদিয়ে অংশগ্ৰহণ কৰে।