ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন...  
নগাঁও

ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৰচুং উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সমবেত সংগীতেৰে আৰম্ভণি কৰা অনুষ্ঠানটিত কৰচুং উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই আদৰণি ভাষন প্ৰদান কৰে।

ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম উন্নতি সভাৰ উপ-সভাপতি অমৰজিৎ গোস্বামীয়ে জন্মদাত্ৰী মাতৃ, মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই কৈশোৰ কালত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা ধুমুহা আৰু চাপৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জীৱন কৌশলসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশ্লেষণ কৰে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য মৃগাংক শেখৰ ভৰলী হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা, সম্পাদক কংকন জ্যোতি বৰুৱায়ো সাৱলীল ভাষণ প্ৰদান কৰে।

ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞাই আঁতধৰা অনুষ্ঠানটি ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, আইলক্ষী আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়, ৰাইদঙীয়া শংকৰদেৱ শিশু নিকেতন, কৰচুং উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়কে আদি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষকসকলৰ লগতে বৃহত্তৰ অঞ্চলটোৰ পৰা বিভিন্ন পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, গামোচা, স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয়।

জাতীয় সংগীতেৰে সামৰণি পৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈ, নৱ কমল ৰাজা, ধীৰ সিং পাটৰ, লাচিত বৰদলৈ, বুধেন বৰা, প্ৰবীণ কলিতা, ৰিন্টু গোস্বামী, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভাস্কৰ নাথ, নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ কাৰ্যনিবাহক সদস্য সীমান্ত বৰা, শিক্ষয়িত্ৰী পূৰবী পাঠককে আদি কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদস্য, ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অতিথি সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।